ডিব্ৰুগড়ঃ পঞ্জাৱ সীমান্তত ভাৰতত প্ৰৱেশৰ চেষ্টা কৰা ৫ সন্ত্ৰাসবাদীক বিএছএফে গুলীয়াই নিহত কৰাৰ লগতে দিল্লীত আইএছআইএছৰ সন্দেহজনক সদস্য ধৰাৰ পৰাত দুখনকৈ ৰাজ্যত হাই এলাৰ্ট জাৰি কৰা হৈছে৷ শনিবাৰে দেশৰ কেইবাটাও স্থানত নিৰাপত্তাৰক্ষীয়ে অভিযান চলাই থকাৰ সময়তে
ডিব্ৰুগড়ৰ আকাশত পাকিস্তানৰ পতাকাৰ আৰ্হিৰ চিলা উৰি থকা কাণ্ডই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ স্থানীয় ৰাইজে চিলা প্ৰত্যক্ষ কৰাত নমাই আনি আৰক্ষীক গতাই দিয়ে। ৰাইজে চিলা প্ৰত্যক্ষ কৰাত চাঞ্চল্যৰ সৃষ্টি হোৱাৰ সময়তে এজন ব্যক্তিয়ে নিজৰ নাম-ঠিকনা ভুলকৈ উপস্থাপন কৰাত হুলস্থূলীয়া পৰিবেশৰ সৃষ্টি হয় চৌকীডিঙীত।
জানিব পৰা মতে, স্থানীয় স্থানীয় লোকে পৰিচয় সোধোতে হিন্দু লোক বুলি পৰিচয় দি নিজকে ৰাজু শৰ্মা বুলি চিনাকি দিছিল লোক জনে। কিন্তু প্ৰকৃততে এজন ইছলাম ধৰ্মীৰ ব্যক্তি আছিল উক্ত লোকজন, প্ৰকৃত নাম ৰাজু কুৰেশ্বি। কিন্তু কিয় বা কি উদ্দেশ্যত তেওঁ ইছলাম ধৰ্মাৱলম্বী হৈও হিন্দু নামেৰে নিজকে পৰিচয় দিছিল সেইয়া ৰহস্যজনক। স্থানীয় একাংশ লোকে ইয়াকে কেন্দ্ৰ কৰি লোকজনক লপা-থপা দিয়ে। অৱশ্যে একাংশই মিলন নগৰ আৰক্ষীক গটাই দিয়ে লোকজনক। বৰ্তমান ডিব্ৰুগড় আৰক্ষীয়ে লোক জনক সোধ-পোছ কৰি তদন্ত অব্যাহত ৰাখিছে। কিন্তু পাকিস্তানৰ পতাকাৰ চিহ্ন সম্বলিত চিলা কৰ পৰা উৰিল তাকেই লৈ ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে।