ডিব্ৰুগড়ত আজি আপে চমক সৃষ্টিৰ প্ৰয়াস কৰে। শ-শ আম আদমী পাৰ্টিৰ কৰ্মী উপস্থিতিত এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত। দুদিনৰ পূৰ্বে দিল্লীত আম আদমী পাৰ্টিত যোগদান কৰাৰ কংগ্ৰেছৰ প্ৰাক্তন যুৱনেতা মনোজ ধানোৱাৰক আদৰিবলৈআম আদমী পাৰ্টিৰ শ-শ কৰ্মী ডিব্ৰুগডৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হয়। আপৰ কৰ্মীসকলে অৰবিন্দ কেজৰিৱাল জিন্দাবাদ, মনোজ ধানোৱাৰ জিন্দাবাদ, ভাৰত মাতা কি জয়, জয় আই অসম আদি ধ্বনিৰে মনোজ ধানোৱাৰক উষ্ম আদৰণি জনায়। বৃহস্পতিবাৰে দিনৰ ১ঃ৩০ বজাত মোহনবাৰী বিমান বন্দৰত উপস্থিত হোৱাৰ পিছতেই এক বিশাল বাইক ৰেলীৰ জৰিয়তে ডিব্ৰুগড়লৈ আদৰি অনা হয় মনোজ ধানোৱাৰক। সংবাদ মাধ্যমক সম্বোধন কৰি আপৰ নেতাগৰাকীয়ে কয় যে বিজেপিৰ আমোলত সংঘটিত হোৱাৰ ব্যাপক অনিয়ম আৰু দুৰ্নীতি প্ৰতিৰোধ কৰিবৰ বাবে অসমত আপৰ প্ৰয়োজনীয়তা আছে। যাৰ বাবে কম সময়ৰ ভিতৰত আপে অসমত সুকীয়া এক পৰিৱেশ ৰচনা কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে যুৱনেতা মনোজ ধানোৱাৰে। যুৱনেতাগৰাকীয়ে খুব কম সময়ৰ ভিতৰত অসমলৈ দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালও আহিব বুলি উল্লেখ কৰে।