ডিব্ৰুগড়ঃ ডিব্ৰুগড়ত এজন প্ৰতিষ্ঠিত ব্যৱসায়ী আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজৰ সৃষ্টি হোৱা সংঘাত নিৰাময় হয় বৃহস্পতিবাৰে নিশা৷ সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাই স্থায়ী কাৰ্যালয় নিৰ্মাণৰ বাবে পুঁজি বিচাৰি দিয়া ৰচিদ ছ’চিয়েল মিডিয়া যোগে প্ৰচাৰ কৰাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে চহৰৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ীৰ বিৰুদ্ধে ক্ষোভিত আছুৰ নেতা-কৰ্মীয়ে ব্যৱসায় প্ৰতিষ্ঠানত আক্ৰমণ কৰা বুলি অভিযোগ উত্থাপন হৈছিল৷ ইমানে নহয় আছুৱে এগৰাকী সাংবাদিকক অভব্য-অশ্ৰাব্য আচৰণ কৰি সংবাদ সংগ্ৰহত বাধা দিয়া বুলি অভিযোগ উত্থাপন হৈছিল৷
যাৰ ফলত ডিব্ৰুগড় চহৰৰ মাৰোৱাৰী পট্টিত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছিল। ডিব্ৰুগড় আৰক্ষী অধীক্ষক শ্ৰীজিৎ টি কে ধৰি কেইবাগৰাকী উচ্চ পদস্থ বিষয়াৰ উপস্থিতিত উত্তপ্ত পৰিস্থিতিৰ শাম কাটে। আৰক্ষীয়ে ৰাজপথত আছুৰ প্ৰতিনিধি দলৰ ওপৰত প্ৰহাৰ কৰাৰ লগতে দলটোৰ তিনিজনক আটক কৰি থানালৈ নিছিল। অৱশ্যে সন্ধিয়া আছু, আৰক্ষী আৰু ব্যৱসায়জনৰ মাজত হোৱা আলোচনাৰ অন্তত আছুৰ সদস্য কেইজনক আৰক্ষীয়ে মুকলি কৰি দিয়ে।
উল্লেখ্য যে, চহৰৰ ‘মুকুন্দমল লাড়ুৰাম এণ্ড চনন্স’ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানখনত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি। আছুৰ কাৰ্যালয় নিৰ্মাণৰ বাবে উক্ত ব্যৱসায়িক প্ৰতিষ্ঠানখনক ফেব্ৰুৱাৰী মাহতে আছুৱে বৰঙণি বিচাৰি এখন ৰচিদ দিছিল। কিন্তু বুধবাৰে উক্ত ৰচিদ ছ’চিয়েল মিডিয়া যোগে ভাইৰেল কৰা বুলি ব্যৱসায়ীজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে আছুৱে। ইয়াকে লৈ সৃষ্টি হয় সংঘাতৰ। আছুৰ এটা দলে ব্যৱসায়ীক প্ৰতিষ্ঠানখনত প্ৰৱেশ কৰি বিষয়টো সন্দৰ্ভত সোধ-পোছৰ বাবে গৈছিল।
কিন্তু ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধীকাৰী তথা কৰ্মচাৰীয়ে আছুৰ প্ৰতিনিধি দলটোক উভতি ধৰি দাবী-ধমকি দিয়াত পৰিস্থিতি উত্তাল হৈ পৰে বুলি অভিযোগ উত্থাপন কৰিছে। আনকি ক্ষোভিত আছুৰ কৰ্ম-কৰ্তাসকলে ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ কিছু সামগ্ৰী অনিষ্ট কৰা বুলিও অভিযোগ উত্থাপন কৰিছে ব্যৱসায়ীক প্ৰতিষ্ঠানখনৰ গৰাকী শ্যামসুন্দৰ মহেশ্বৰীয়ে। অৱশ্যে এই ঘটনাৰ অব্যাহত থকাৰ মাজতে ঘটনাস্থলিত উপস্থিত হৈ সংবাদ সংগ্ৰহ কৰা সাংবাদিকক অভব্য আচৰণ কৰা কাৰ্যই সমগ্ৰ ডিব্ৰুগড়ত প্ৰতিক্ৰিয়া সৃষ্টি কৰে।