ডিব্ৰুগড়ঃ ৰাজ্যত আজিও অনুষ্ঠিত হৈ আহিছে বাল্য বিবাহ৷ প্ৰশাসন সষ্টম হৈ থাকি বাল্য বিবাহ ৰোধ কৰাৰ খবৰ প্ৰকাশ পাই অহাৰ সময়তে ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষী থানা অন্তৰ্গত ম’হপুৱালি গাঁৱত বৃহস্পতিবাৰে এখন বাল্য বিবাহ অনুষ্ঠিত হোৱাৰ অভিযোগ উত্থাপন হৈছে৷
ডিব্ৰুগড়ৰ বৰবৰুৱা আৰক্ষী থানা অন্তৰ্গত ম’হপুৱালি গাঁৱত বাল্য বিবাহ অনুষ্ঠিত হৈ থকাৰ কোনো লোকে খবৰ দিছিল আৰক্ষীক৷ বিয়া চলি থকাৰ অৱস্থাতে কিশোৰ-কিশোৰীক আৰক্ষীৰ সহযোগত চাইল্ড লাইনে উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ম’হ পুৱালিমৰাৰ এটা শিৱ মন্দিৰত বিবাহ কাৰ্য চলি থাকোঁতেই গোপন খবৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই নামৰ কিশোৰ-কিশোৰী হালক উদ্ধাৰ কৰে। আৰক্ষীয়ে ঘটনা সন্দৰ্ভত মন্দিৰটোৰ পূজাৰী গণেশ দেৱ গোস্বামীক আটক কৰি সোধ-পোছ অব্যাহত ৰাখিছে।