ডিব্ৰুগড়ঃ ডিব্ৰুগড়ত সোমবাৰে বৃহৎ পৰিমাণৰ অবৈধ নিচাযুক্ত সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে। পশ্চিমবঙ্গৰ পৰা এএছ ০১ডিডি ০৯৯৬ নম্বৰৰ ট্ৰাকখনত কঢ়িয়াই আনিছিল নিচাযুক্ত সামগ্ৰীসমূহ।
ডিব্ৰুগড় ফুলবাগান নামেৰে পৰিচিত তথা লক্ষ্মীনাথ বেজবৰুৱা উদ্যানৰ সমীপৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰাই নিচাযুক্ত সামগ্ৰী ভৰ্তি ট্ৰাক খন জব্দ কৰে আৰক্ষীয়ে। ট্ৰকাখনত ২০০ বস্তাৰো অধিক নিচাযুক্ত থকা বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত ট্ৰাকখনৰ চালক কোচবিহাৰৰ লালজী আলী আৰু ৱাজিজুল হক নামৰ হেণ্ডিমেনজনক আটক কৰি সোধা পোছা অব্যাহত ৰাখিছে।
আৰক্ষী সূত্ৰৰ মতে ডিব্ৰুগড়ৰ পি কে ষ্ট’ৰ, নিউ মাৰ্কেটৰ মুজামিল খান, জে বি ভাণ্ডাৰ, কল ৰোডৰ মহম্মদ ছালমেত, নিউ মাৰ্কেটৰ জুনাইদ খান আৰু কল ৰোডৰ মহম্মদ ছফোদ্দিনৰ নামত এই নিচাজাতীয় সামগ্ৰীসমূহ কঢ়িয়াই আনিছিল। ইপিনে এটা অসাধু চক্ৰই আৰক্ষীক মেনেজ কৰি জব্দকৃত নিচাযুক্ত দ্ৰব্য খিনি সহজে উলিয়াই নিবলৈও অপচেষ্টা চলাই থকা বুলি অভিযোগ উত্থাপন হৈছে।