ডিব্ৰুগড়ঃ ডিব্ৰুগড়ৰ নৱ নিৰ্মিত ৫২নং (বি) ৰাষ্ট্ৰীয় ঘাইপথত জকাই হাৰকপথাৰত আজি এক দুৰ্ঘটনা সংঘটিত হয়। প্ৰত্যক্ষদৰ্শীসকলে জনোৱা মতে, বিয়লিৰ ভাগত অৰুণাচল প্ৰদেশৰ পৰা ডিব্ৰুগড় অভিমুখে অহা তীব্ৰবেগী বলেৰ’ এখনে ৰাজপথৰ এটা গৰু মহতিয়াই নি আন এখন বাহনত খুন্দা মৰাৰ ফলত এজন লোক ঘটনা স্থলীতে নিহত হোৱা লগতে আন ৩ জন আহত হয়। AS 23 T 6539 নম্বৰৰ মাৰুটি ব্ৰীজা গাড়ীখনে AS04Q 0333 নম্বৰৰ মহেন্দ্ৰ বলেৰ’ গাড়ীখনত খুন্দিওৱাত দুয়োখন গাড়ী পথৰ কাষত কেইবালুটি খাই বাগৰি পৰে।
ফলত লগে লগে মৃত্যু হয় বলেৰ খনত থকা অৰুণাচল কাণুবাৰীৰ ৱাংচুই ইংচু(২৬) নামৰ এজন যুৱক।আনহাতে ৱাংলু ৱাংচু নামৰ এজন অৰুণাচলী আৰক্ষীৰ লগতে চালক সাপেখাতীৰ ৰূপম গোহাঁই গুৰুতৰভাৱে আহত হয়। ব্ৰীজা গাড়ীখনত থকা এজনৰ অৱস্থাও সংকটজনক বুলি জানিব পৰা গৈছে যদিও বাতৰি লিখা পৰলৈকে পৰিচয় পোৱা হোৱা নাই। আটাইকেইজনকে সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ ৰাইজ আৰু বৰবৰুৱা আৰক্ষীৰ সহযোগত প্ৰেৰণ কৰা হয়।