March 26, 2023, 1:16 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

ডিফু চিকিৎসা মহাবিদ্যালয়ক কোৱিড-১৯ৰ টেষ্টিং লেব ৰূপে অনুমোদন ICMRৰ

Reporter Name
  • Update Time : Tuesday, June 9, 2020
  • 180 Time View

গুৱাহাটীঃ লক-ডাউন শিথিল কৰাৰ পিছৰে পৰা অসমত দ্ৰুত গতিত বৃদ্ধি হৈছে ক’ৰোনা ৰোগীৰ সংখ্যা৷ দেশৰ প্ৰতিখন ৰাজ্যৰ দৰেই অসমত ৰোগীৰ সংখ্যা দ্ৰুত গতিত বৃদ্ধি হোৱাত অসম চৰকাৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ উঠি-পৰি লাগিছে৷ অসমত ক’ৰোনা ৰোগীৰ সংখ্যা ৩ হাজাৰ হও হও৷ ক’ৰোনা আক্ৰান্ত ৰোগীৰ সংখ্যা প্ৰতি ঘণ্টাত বাঢ়ি অহাৰ সময়তে অসম চৰকাৰে ক’ৰোনা ৰোগীৰ চিকিৎসা ব্যৱস্থা উন্নত কৰাৰ লগতে চিকিৎসা ব্যৱস্থাৰ পৰিসৰ বৃদ্ধি কৰিবলৈ অহৰ্নিশে চেষ্টা কৰিছে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাইজৰ কল্যাণৰ বাবে কাম কৰি থকা পৰিলক্ষিত হৈছে৷

সোমবাৰে দুপৰীয়া পৰ্যন্ত অসমত মুঠ ৰোগীৰ সংখ্যা হৈ পৰিছে ২৮৩৫গৰাকী৷ অসমৰ পৰিস্থিতিক গুৰুত্বসহকাৰে লৈছে কেন্দ্ৰীয় চৰকাৰে৷ কেন্দ্ৰীয় চৰকাৰে ক’ৰোনা পৰীক্ষা কৰিবলৈ ৰাজ্যৰ আন এখন চিকিৎসা মহাবিদ্যালয়ক দায়িত্ব অৰ্পণ কৰিছে৷ ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্ছ চমুকৈ আইচিএমআৰে পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাৰ ডিফু চিকিৎসা মহাবিদ্যালয়ক কোৱিড-১৯ৰ টেষ্টিং লেব হিচাপে অনুমোদন জনাইছে৷ এই কথা খোদ ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইট কৰি ৰাজহুৱা কৰিছে৷ ৰাজ্যখনৰ ৭খন চিকিৎসা মহাবিদ্যালয়ে কোৱিড-১৯ৰ পৰীক্ষা কৰাৰ সুবিধাৰে পৰ্যাপ্ত হৈ উঠিল৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে