বোকাজানঃ যোৱা ১৮ আগষ্টত গুৱাহাটীত মৃত্যু হোৱা ডিফুৰ মহিলা বীণা তেৰাংপীৰ মৃত্যুৰ ঘটনা ৰহস্যজনক বুলি দাবী কৰি উচিত তদন্তৰ দাবী জনাই মঙলবাৰে ডিফুত ধৰ্ণা কাৰ্যসূচী প্ৰদৰ্শন কৰে কাৰ্বি ছাত্ৰ সন্থাই। দিনৰ প্ৰায় ১১ বজাত ডিফুৰ চেমচেনছিং ইংতি স্মৃতি উদ্যানত প্ৰয়াত বীণা তেৰাংপীৰ পৰিয়াল আৰু কাৰ্বি ছাত্ৰ সন্থাৰ সদস্যসকলে মহিলাগৰাকীৰ ফটোৰ লগতে আমাক ন্যায় লাগে দাবী সম্বলিত প্লে-কাৰ্ড প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰীসকলে উত্থাপন কৰা অভিযোগ অনুসৰি যোৱা ৯ আগষ্টত গুৰুতৰভাৱে অসুস্থ হোৱা মহিলাগৰাকীক ডিফু অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও মহিলাগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অতিকৈ গুৰুতৰ হোৱাৰ ফলত তেওঁক উন্নত চিকিৎসাৰ বাবে লগে লগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।
গুৱাহাটীত মহিলাগৰাকী কৰ’নাত আক্ৰান্ত হোৱা বুলি পৰিয়ালক জনোৱাৰ পিছত মহিলাগৰাকী চিকিৎসাধীন অৱস্থাতে যোৱা ১৮ আগষ্টত মৃত্যু হয়। আনহাতে পৰিয়ালৰ লোকে দাবী কৰা অনুসৰি চিকিৎসালয় কৰ্তৃপক্ষই ১৯ আগষ্টত প্ৰদান কৰা মৃত্যুৰ প্ৰমাণ পত্ৰত মহিলাগৰাকীৰ কোভিড পৰীক্ষাৰ ফলাফল নিগেটিভ বুলি উল্লেখ কৰে।
ইফালে, মহিলাগৰাকীৰ মৃতদেহটোৰ কপালত এক গভীৰ দাগ থকা বুলি অভিযোগ কৰি পৰিয়ালৰ লোকে মহিলাগৰাকীৰ মৃত্যুৰ ঘটনা ৰহস্যজনক বুলি দাবী কৰে। আনহাতে কোভিড-১৯ নিগেটিভ হোৱাৰ পিছতো চিকিৎসাধীন অৱস্থাত থকা মহিলাগৰাকীক সুদীৰ্ঘ দিন ধৰি পৰিয়ালৰ লোকক সাক্ষাৎ কৰাৰ পৰা কিয় বিৰত ৰখা হ’ল বুলিও প্ৰতিবাদকাৰীসকলে প্ৰশ্ন উত্থাপন কৰি বীণা তেৰাংপীৰ মৃত্যুৰ উচিত তদন্তৰ দাবী উত্থাপন কৰে ছাত্ৰ সংগঠনটোৰ লগতে মৃত মহিলাগৰাকীৰ পৰিয়ালবৰ্গই।