বঙাইগাঁওঃ মোবাইল ঘৰে ঘৰে আছে কিন্তু এক কিলো মিটাৰ নিলগলৈ গৈ চাৰ্জ দিব লগীয়া হয়৷ মোবাইল চাৰ্জ দিবলৈ গৈ ৰৈ থাকিব লগা হয়৷ মোবাইলটো কোনোবাই চুৰি কৰি নিয়াৰ ভয়৷ সন্তানে চোতালত আজিও চাকি-মমৰ পোহৰত পঢ়িবলগীয়া হয়৷ কেৰাচিন নহলে পৰিয়ালসমূহে চলিব নোৱাৰে৷ মুঠতে বেলি ডুবাৰ পিছত অন্ধকাৰত ডুব যায় গাঁও দুখন৷ কিয়নো গাঁওখনত নাছিল বিদ্যুৎৰ সংযোগ৷
২১ শতিকাত চন্দ্ৰলৈ মানুহ গ’ল যদিও বঙাইগাঁৱৰ চিটকাগাঁও, ভাওৰীয়াকাটা গাঁৱত নাছিল বিদ্যুৎৰ সংযোগ৷ একপ্ৰকাৰে দুৰ্ভগীয়া আছিল দুয়োখনৰ গাঁৱৰ পৰিয়ালসমূহ৷ গাঁওবাসীয়ে বিদ্যুৎৰ পোহৰে পোৱা নাছিল বাবেই নিজকে দুৰ্ভগীয়া বুলিয়েই ভাবিছিল৷ কিন্তু এক সপোন যেন পূৰণ হ’ল চিটকাগাঁও, ভাওৰীয়াকাটা গাঁওবাসীৰ
স্বাধীনতাৰ ৭২ বছৰৰ পিছত দেওবাৰে বঙাইগাঁৱৰ দুয়োখন গাঁও পোহৰ হ’ল৷ সন্ধিয়া বেলি ডুব যোৱাৰ পিছতে বাল্বসমূহ জ্বলি উঠিছিল তেতিয়া আনন্দত আত্মহাৰা হৈ পৰে গাঁওবাসী৷ দেশ স্বাধীন হোৱাৰ ৭০ বছৰ পাৰ হ’ল৷ বঙাইগাৱঁৰ চহৰৰ পৰা মাথো ৪ কিলোমিটাৰ নিলগ দুয়োখন গাঁৱত নাছিল বিদ্যুতৰ সংযোগ৷ কেৰাচিনৰ চাকি, লেমৰ পোহৰেই আছিল একমাত্ৰ ভৰষা৷ কেৰাচিনৰ অভাৱত কেতিয়াবা আন্ধাৰত পাৰ কৰিব লগা হৈছিল গাঁৱৰ লোকসকলে৷ বঙাইগাঁও বিধানসভা সমষ্টিৰ তথা চাপাৰাকাটা গাঁও পঞ্চায়তৰ চিটকাগাঁও আৰু ভাওৰীয়াকাটাৰ মানুহ অৱশেষত লাভ কৰিলে বিদ্যুতৰ সংযোগ৷
স্বাধীনতাৰ পিছৰে পৰা প্ৰতিটো প্ৰজন্মই বিদ্যুতৰ পোহৰ নেদেখাকৈ পাৰ কৰিলে৷ বিদ্যুত সংযোগৰ বাবে বছৰৰ পিছত বছৰ ধৰি কতো কাকুতি-মিনতি কৰিলে৷ বিভাগৰ কাৰ্যালয়ে কাৰ্যালয়ে কতো ঘুৰিলে৷ শেষত দেওবাৰে ডিজিটেল যুগত প্ৰৱেশ কৰিলে দুয়ো গাঁৱৰ বাসিন্দাই৷ দেওবাৰে জ্বলি উঠিল বাল্ববোৰ৷ ঘৰে ঘৰে জ্বলিছে বিদ্যুত বিভাগে যোগান ধৰা পোহৰ৷ বঙাইগাঁও বিদ্যুত সংমণ্ডলৰ অধীনত দীনদয়াল উপাধ্যায় গ্ৰাম জ্যোতি যোজনা আঁচনিৰ অধীনত বঙাইগাঁও জিলাৰ দুখন গাঁৱৰ লোকে পোহৰ দেখিলে৷