ডিজিটেল ডেস্কঃ ডাউদ ইব্ৰাহিম যে পাকিস্তানতে আছে সেই কথা অৱশেষত স্বীকাৰ কৰিলে পাকিস্তানে৷ ভাৰতৰ মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদী ডাউদ ইব্ৰাহিম পাকিস্তানৰ কাৰাচীতে আছে৷ পাকিস্তান চৰকাৰে এই কথা কেতিয়াও স্বীকাৰ কৰা নাছিল যদিও শেহতীয়াকৈ ৮৮ জন সন্ত্ৰাসবাদীৰ বিত্তীয় লেন-দেন বন্ধ কৰাৰ ঘোষণা কৰাৰ তালিকাত ডাউদৰ নাম সন্নিবিষ্ট হৈ থকাত ডাউদ ইব্ৰাহিম যে পাকিস্তানতে আছে সেই কথা অৱশেষত স্বীকাৰ কৰিলে পাকিস্তানে৷
সমানে দেশখনৰ ৮৮জন সন্ত্ৰাস সদস্যক প্ৰতিবন্ধকতা ঘোষণা কৰে৷ ৮৮ জনৰ তালিকাত ডাউদ ইব্ৰাহিমৰ নাম আছে৷ ডাউদ হৈছে ১৯৯৩ চনৰ মুম্বাই বোমা বিস্ফোৰণৰ নায়ক৷ আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদীৰ বিত্তীয়ক্ষণৰ ওপৰত দৃষ্টি ৰখা সংস্থা এফএটিএফৰ গ্ৰে-তালিকাত থকা পাকিস্তানে উক্ত তালিকাৰ পৰা বাদ পৰিবৰ বাবে এই পন্থা অৱলম্বন কৰি পাকিস্তানত ৮৮ জন সন্ত্ৰাসবাদী আৰু সন্ত্ৰাসবাদী সংগঠনক প্ৰতিবন্ধ ঘোষণা কৰে৷
এইসকলৰ ভিতৰত হাফিজ ছঈদ, মছুদ আজহাৰ, ডাউদ ইব্ৰাহিম আছে৷ এইসকলৰ বিৰুদ্ধে বিত্তীয় প্ৰতিবন্ধকতা ঘোষণা কৰাৰ লগতে সকলো আৰ্থিক লেন-দেনত নিষিদ্ধ ঘোষণা কৰে পাকিস্তানে৷ শনিবাৰে এই কথা পাকিস্তান চৰকাৰে ৰাজহুৱা কৰিছে৷ পাকিস্তান চৰকাৰে এইসকল সন্ত্ৰাসবাদীৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰাৰ লগতে বেংকৰ একাউণ্ট জব্দ কৰিব৷
পেৰিছস্থিত এফএটিএফে পাকিস্তানক ২০১৮ চনৰ জুন মাহত গ্ৰে-তালিকাত অন্তৰ্ভুক্ত কৰিছিল৷ ইমানে নহয় সংস্থাটোৱে পূৰ্বেই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এনে পন্থা অৱলম্বন কৰিবলৈ ইছলামাবাদক কৈছিল যদিও ক’ৰোনা মহামাৰীৰ বাবে এই সিদ্ধান্ত লবৰ বাবে সময় বৃদ্ধি কৰি দিছিল৷ আন্তঃৰাষ্ট্ৰীয় হেঁচাৰ ফলতহে পাকিস্তানে বৃহৎ সিদ্ধান্ত লবলৈ বাধ্য হয়৷ চৰকাৰে ১৮ আগষ্টত ভাৰতৰ ২৬/১১ মুম্বাই আক্ৰমণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড জমাতা-উদ-দাৱাৰ মুৰব্বী, জইছ-ঈ-মহম্মদৰ মুৰব্বীসহ ১৯৯৩ চনৰ মুম্বাই বিস্ফোৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড ডাউদ ইব্ৰাহিমক প্ৰতিবন্ধ ঘোষণা কৰে৷
ৰাষ্ট্ৰ সংঘৰ সুৰক্ষা পৰিষদে জাৰি কৰা নতুন সূচী মতে, পাকিস্তানে ৮৮ সন্ত্ৰাসবাদী সদস্যক প্ৰতিবন্ধকতা ঘোষণা কৰিছে৷ ৰাষ্ট্ৰ সংঘৰ সুৰক্ষা পৰিষদৰ নতুন অধিসূচনা অনুসৰি জামাত-উদ-দাৱা, জইছ-ঈ-মহম্মদ, তালিবান, দায়েশ, হাক্কানি, অলকায়দাসহ ৮৮ সন্ত্ৰাস সদস্যৰ বিৰুদ্ধে পাকিস্তানে সকলো প্ৰকাৰৰ নিষিদ্ধ ঘোষণা কৰে৷ এইসকলৰ সকলো সম্পত্তি বাজেয়াপ্ত কৰাৰ লগতে বেংকৰ একাউণ্ট জব্দ কৰা হ’ব৷