ডিজিটেল ডেস্কঃ আমেৰিকাত এতিয়া নিৰ্বাচনৰ বতৰ৷ সমগ্ৰ বিশ্বৰ সংবাদমাধ্যমত এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ চৰ্চা৷ আমেৰিকাৰ নিৰ্বাচনলৈ মাজত মাথো দুমাহ৷ দুমাহ বাকী থকা অৱস্থাত শাসকীয় ৰিপাব্লিকান আৰু বিৰোধী ডেমক্ৰেটিক দলে নিৰ্বাচনী প্ৰচাৰ দ্ৰুত গতিত চলাই গৈছে৷
ডেমক্ৰেটিক আৰু ৰিপাব্লিকান দলে তীব্ৰ প্ৰচাৰ অভিযান চলি থকাৰ সময়তে শেহতীয়াকৈ ডনাল্ড ট্ৰাম্পে বিশেষ এটা ভিডিঅ’ প্ৰচাৰ কৰিছে৷ নিৰ্বাচনী প্ৰচাৰত ব্যৱহৃত এই ভিডিঅ’ত ২০ লাখ আমেৰিকান ভাৰতীয় ভোটাৰসকলক আকৰ্ষিত কৰাৰ চেষ্টা কৰা হৈছে৷ এই বিশেষ ভিডিঅ’টোত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কিছু অংশ সংলগ্ন কৰা হৈছে৷ ট্ৰাম্পৰ চলিত বৰ্ষৰ ২৪ আৰু ২৫ ফেব্ৰুৱাৰীৰ ভাৰত ভ্ৰমণৰ সময়ত আহমেদাবাদৰ মটেৰা ষ্টেডিয়ামত অনুষ্ঠিত বৃহৎ ৰেলীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে একেলগে অংশ লোৱাৰ দৃশ্যাৱলী সংলগ্ন কৰা হৈছে৷ এই ভিডিঅ’ৰ জৰিয়তে ভাৰত আৰু আমেৰিকাৰ মহান সম্পৰ্কক নিৰ্বাচনী প্ৰচাৰত দেখুৱাই আমেৰিকান ভাৰতীয় ভোটাৰসকলক আকৰ্ষিত কৰাৰ চেষ্টা কৰিছে ট্ৰাম্পে৷
উল্লেখ্য যে, ডেমক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী জ’ বিদেনে দুদিন পূৰ্বে দলীয় মনোনয়ন স্বীকাৰ কৰাৰ পিছতে জ’ বিদেনৰ বিৰুদ্ধে বৰ্তমানৰ ৰাষ্ট্ৰপতি তথা ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী ডনাল্ড ট্ৰাম্পে জ’ বিদেনক তীব্ৰ আক্ৰমণ কৰে৷ শনিবাৰে ডলাল্ড ট্ৰাম্পে চীনৰ গইনা লৈ জ’ বিদেনক আক্ৰমণ কৰি যদি জ’ বিদেন আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় তেন্তে আমেৰিকক চীনৰ ওচৰত বিক্ৰী কৰি দিব বুলি কৈছিল৷ যদি ৩ নৱেম্বৰত জ’ বিদেন ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় তেন্তে চীনৰ ওচৰত আমেৰিকাক বিক্ৰী কৰি দিব৷ সময় আহিছে ডেমক্ৰেটিক দলৰ খং আৰু হিংসাৰ ৰাজনীতি সমাপ্ত কৰাৰ৷ ট্ৰাম্পে দেশবাসীক উদ্দেশ্যে কয় সকলোতকৈ ডাঙৰ কথা কি জানে নে ডেমক্ৰেটিক দলৰ সমাৱেশত এবাৰো জ’ বিদেনে চীনৰ প্ৰসংগ উল্লেখ নকৰিলে৷