March 23, 2023, 7:18 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

টেগ বাহাদুৰ চাৰ্কিৰ হত্যাৰ অভিযুক্তৰ গৃহত উত্তেজিত লোকৰ অগ্নিসংযোগ, দাউ-দাউকৈ জ্বলিল গৃহ

Reporter Name
  • Update Time : Sunday, August 23, 2020
  • 129 Time View

মঙলদৈঃ দৰং জিলাৰ কুৰুৱাত হত্যাৰ অভিযুক্ত পৰিয়ালৰ বাসগৃহত অগ্নি সংযোগ কৰাত উত্তেজনাই বিৰাজ কৰিছে৷ কুৰুৱাৰ বমন পথাৰত হত্যাৰ অভিযুক্ত পৰিয়ালৰ বাসগৃহত অগ্নি সংযোগ কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ হত্যাকাণ্ডৰ অভিযুক্তৰ গৃহত উত্তেজিত ৰাইজে অগ্নি সংযোগ কৰাত দাই-দাউকে জ্বলি উঠে হত্যাকাৰীৰ বাসগৃহ৷ দাউ-দাউকৈ জ্বলি উঠা হত্যাকাণ্ডৰ অভিযুক্তৰ ঘৰৰ জুই নুমুৱাবলৈ চেষ্টা কৰি বিফল হয় ছিপাঝাৰ আৰক্ষী৷

ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষী উপস্থিত হয় যদিও জুই নুমুৱাবলৈ সক্ষম নহ’ল৷ জঘন্য হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত ইতিমধ্যে হস্ত বাহাদুৰ চাৰ্কী ওৰফে দীপক চাৰ্কীক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ হত্যাকাণ্ডৰ অভিযুক্ত তিনি ভাই ককাইৰ ঘৰ লণ্ড-ভণ্ড কৰি ৰাইজে অগ্নি সংযোগ কৰে৷ ঘটনাস্থলিত দৰং জিলাৰ উচ্চপদস্থ আৰক্ষী বিষয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰে৷

উল্লেখ্য যে, দৰঙৰ কুৰুৱাত শনিবাৰে পাহাৰৰ গাতত উদ্ধাৰ হৈছিল ২৬ বছৰীয়া যুৱকৰ মৃতদেহ৷ পাহাৰত দুখন ভৰি ওলাই থকা প্ৰত্যক্ষ কৰিছিল স্থানীয় লোকে৷ তাৰ পিছতে আৰক্ষীৰ উপস্থিতিত যেতিয়া গাত খান্দি মৃতদেহ উদ্ধাৰ কৰা হৈছিল৷ তাৰ পিছৰ দৃশ্য আছিল ভয়াবহ৷ যুৱকজনক হত্যা কৰি শৰীৰ ৭টা ভাগ কৰিছিল৷ শৰীৰৰ সাত টুকুৰা বস্তাত ভৰাই পুতি থৈছিল৷ এনেদৰে টুকুৰা কৰা হৈছিল যেন কচাইখানাত জন্তু বধ কৰা হৈছিল৷

হত্যাকাৰীয়ে ৭ টুকুৰা কৰি বস্তাত ভৰাই পুতি থোৱা কুৰুৱাৰ যুৱকজনৰ নাম আছিল টেগ বাহাদুৰ চাৰ্কি৷ কুৰুৱাৰ বৰ্মনপাৰাৰ ২৬ বছৰীয়া চাৰ্কি আছিল পেচাত পাচলি ব্যৱসায়ী৷ বৃহস্পতিবাৰৰ নিশাৰে পৰা নিৰুদ্দেশ হৈ আছিল চাৰ্কি৷ পৰিয়ালে বিচাৰ-খোচাৰ কৰি কোনো সন্ধান নোপোৱাত আৰক্ষীৰ ওচৰ চাপে৷ তাৰ লগতে শনিবাৰে স্থানীয় ৰাইজে গাঁওবুঢ়াৰ নেতৃত্বত পাহাৰৰ জংঘলত বিচাৰি-খোচাৰ কৰে৷

অৱশেষত স্থানীয় ৰাইজে পাহাৰত দুখন ভৰি ওলাই থকা প্ৰত্যক্ষ কৰে৷ তাৰ পিছতেই আৰক্ষীক খবৰ দিয়া হয়৷ ছিপাঝাৰ আৰক্ষীৰ এটা দলে টেগ বাহাদুৰ চাৰ্কিৰ মৃতদেহ গাত খান্দি উলিয়াই৷ মৃতদেহ বস্তাত ভৰাই ৭ টুকুৰা কৰিছিল৷ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে হত্যাকাণ্ডৰ সৈতে জড়িত লোকক ধৰিবলৈ অভিযান আৰম্ভ কৰিছে৷ আনহাতে স্থানীয় ৰাইজে পূৰ্বৰ ঘটনাক সাক্ষী কৰি টেগ বাহাদুৰক হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে একেটা এলেকাৰ তিনি ভাতৃ দীপক চাৰ্কি, ধ্ৰুৱ চাৰ্কি আৰু গোপাল চাৰ্কিৰ বিৰুদ্ধে৷

এজনত ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে যদিও বাকী কেইজন বৰ্তমান পলাতক বুলি ৰাইজে জানিবলৈ দিয়ে৷ উল্লেখ্য যে, পৰকীয়া প্ৰেমৰ পৰিণতিত এই নাৰকীয় হত্যাকাণ্ড সংঘটিত হোৱা বুলি স্থানীয় ৰাইজে আশংকা ব্যক্ত কৰিছে৷ হত্যাকাণ্ডৰ সৈতে জড়িত অপৰাধীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি দিবলৈ দাবী জনাইছে ৰাইজে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে