ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম টুইটাৰে ভাৰত চৰকাৰৰ কিছু নিৰ্দেশনাৰ প্ৰত্যাহাৰ কৰাৰ দাবী উত্থাপন কৰিছে৷ এইলৈ ভাৰত চৰকাৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰালয় আৰু টুইটাৰৰ মাজত অব্যাহত আছে সংঘাত৷ শেহতীয়াকৈ টুইটাৰে ইয়াক আইনীভাৱে প্ৰত্যাহ্বান জনাইছে, লগতে ক্ষমতাৰ অপব্যৱহাৰ বুলি অভিহিত কৰিছে৷
ৰয়টাৰৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছ’চিয়েল মিডিয়া কোম্পানীটোয়ে গোচৰটোৰ ন্যায়িক পৰ্যালোচনা কৰাৰ লগতে তথ্য নিয়ন্ত্ৰণক লৈ নতুন দিল্লীৰ সৈতে চলি আছে মত বিৰোধ। ভাৰত চৰকাৰৰ তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে টুইটাৰক সতৰ্ক কৰি দিছে যে, যদিহে টুইটাৰে তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ আদেশ পালন নকৰে তেন্তে অপৰাধমূলক ব্যৱস্থা গ্ৰহণ কৰিব।
যোৱা মাহৰ শেষৰ ফালে, ভাৰতৰ তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে টুইটাৰক সতৰ্ক কৰি দিছিল যে তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ তৰফৰ পৰা যিবোৰ নিৰ্দেশনা জাৰি কৰা হৈছিল সেইসমূহ মানি চলিব লাগে ৷ ইফালে টুইটাৰে ন্যায়িক পুনৰীক্ষণৰ বাবে কৰা অনুৰোধত যুক্তি দিছে যে কিছুমান অপসাৰণৰ আদেশ ভাৰতৰ তথ্য প্ৰযুক্তি আইনৰ প্ৰক্ৰিয়াগত প্ৰয়োজনীয়তাতকৈ কম আছিল৷
উল্লেখ্য যে, বজাৰ গৱেষণা প্ৰতিষ্ঠানসমূহৰ তথ্য অনুসৰি ভাৰতত প্ৰায় ২৪ নিযুত টুইটাৰ ব্যৱহাৰকাৰী আছে৷ টুইটাৰ লগত সংঘাটৰ পূৰ্বে ভাৰত চৰকাৰে কো (Koo) নামৰ এটা এপ খুলিছিল টুইটাৰৰ বিকল্প হিচাপে৷ কোৰ তথ্য অনুসৰি তেওঁলোকৰ ২০ মিলিয়ন ব্যৱহাৰকাৰী আছে দেশত৷