টীয়কঃ টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বহুদিন ধৰি ইণ্টাৰনেটৰ সংযোগ নথকা বুলি অভিযোগ উত্থাপন হৈ আহিছে৷ ইণ্টাৰনেট সেৱা উপলদ্ধ নথকাত একাংশ লোকে ব্যাপক সমস্যাত পৰি অহা বুলি দিয়া অভিযোগৰ ভিত্তিত টীয়কৰ তিনিজনকৈ সাংবাদিকে চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ বাতৰি সংগ্ৰহৰ বাবে যোৱাৰ সময়তে কাৰ্যালয়টোৰ প্ৰভাতী দাস নামৰ লেডী ডন মহিলা কৰ্মচাৰীগৰাকীয়ে সাংবাদিকক অভব্য আচৰণ কৰাৰ লগতে ৰেকৰ্ডিং কৰি থকা অৱস্থাতে মোবাইল টানি আনি ভিডিঅ’ ডিলিট কৰাৰ লগতে ফোন দলিয়াই দিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
ইমানে নহয় সাংবাদিকৰ দলটোক অশ্লীল ভাষাৰে গালি গালাজ কৰে মহিলাগৰাকীয়ে। ঘটনা সংঘটিত হোৱাৰ পিছতেই টীয়কৰ আছু, জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতিকে ধৰি বিভিন্ন দল-সংগঠনে তীব্ৰ ভাষাৰে গৰিহণা দি কৰ্মচাৰীগৰাকীক কিয় তেনে ব্যৱহাৰ কৰিছে সুধিবলৈ যোৱাৰ সময়তে জাতীয় সংগঠনৰ নেতা-কৰ্মীক ৰ্দুব্যৱহাৰ কৰাৰ লগতে তেওঁক কোনে কি কৰিব পাৰিব বুলি ফিতাহি মাৰে৷
যুক্তিৰে কথা কৈ থকা জাতীয় সংগঠনৰ নেতা-কৰ্মীৰ নিজ মোবাইলেৰে ভিডিঅ’ সংগ্ৰহ কৰি লেডী ডনগৰাকীয়ে ছচিয়েল মিডিয়াত আপলোড কৰিব বুলি ভাবুকি প্ৰদান কৰি অল মিডিয়া কৰাপাটেড বুলি দম্ভালি মাৰে। লগে লগে টীয়ক প্ৰেছ ক্লাৱৰ সমূহসদস্যৰ লগতে উপস্থিত দল সংগঠন তথা ৰাইজ লেডী ডনৰ ব্যৱহাৰত ক্ষোভিত হৈ কাৰ্যালয়ৰ গেটত তলা লগাই গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰে।
পৰবৰ্তী সময়ত চক্ৰ বিষয়া লিনা পাও আৰু টীয়ক আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চত্তিস চাহুৰ উপস্থিতত ৰাইজক ক্ষমা খুজিবলৈ বাধ্য হয় মহিলা কৰ্মচাৰীগৰাকীয়ে৷ আগলৈ কোনো লোকক তেনে ব্যৱহাৰ নকৰো বুলি ৰাজহুৱা ভাৱে প্ৰতিশ্ৰুতি প্ৰদান কৰাত পৰিস্থিতি শাম কাটে৷ উল্লেখ্য যে, কৰ্তব্যৰত অৱস্থাতে তিনিজনকৈ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ সৈতে জৰিত সাংবাদিকক চৰকাৰী কৰ্মচাৰীয়ে নিজৰ দোষ ঢাকিবলৈ কাৰ্যালয়ৰ ভিতৰতে ৰাজহুৱাকৈ ৰুঢ় ব্যৱহাৰ কৰাই নহয় কেমেৰা দলিয়াই দিয়া ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷