টীয়কঃ টীয়কৰ লাহিং চাহ বাগিচাত নিশা ভদ্ৰেশ্বৰ মাহিলি নামৰ এজন লোকৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়। নিশা আহাৰ গ্ৰহণ কৰি ঘৰৰ পৰা বাহিৰলৈ ওলাওতে বিদ্যুৎ পৰিবাহী তাঁৰ ছিঙি গাত পৰে ব্যক্তিজনৰ। ফলত থিতাতে নিহত হয় ব্যক্তিজন।
দুৰ্বল বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি যোৱাৰ ফলতেই এই দুৰ্ঘটনা সংঘটিত হয়। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত ব্যক্তিজনৰ মৰোণোত্তৰ পৰীক্ষা বাবে মৃতদেহ যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।