টীয়কঃ যোৰহাট জিলাৰ টীয়ক আৰক্ষী থানাৰ অন্তৰ্গত লাহদৈগড় আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি এখন স্কুটি (AS-03S-4562) আৰু এখন পালচাৰ (AS- 03-AB-3944) সহ ৫ জনকৈ চোৰ কৰায়ত্ব কৰিবলৈ সক্ষম হয়।
জানিব পৰা মতে চটাইৰ এখন ধাবাৰ সন্মুখৰ পৰা আৰু চেনিজান পহুগঁড়ৰ পৰা চুৰি হোৱা প্ৰথমে স্কুটিখন যোৰহাটৰ ম’হবন্ধাৰ পৰা উদ্ধাৰ কৰাৰ লগতে পালচাৰ মটৰচাইকেলখন চেনিজান পহুগড়ৰ পৰাই উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
আৰক্ষীয়ে আটক কৰা দুৰ্ধৰ্ষ চোৰ কেইজন ক্ৰমে- যাদৱ শইকীয়া (তিতাবৰ) পবিত্ৰ দাস, প্ৰশান্ত দাস (যোৰহাট দিগম্বৰ চুক), ৰোহন ভূঞা (পুলিবৰ), সত্য তাঁতী (ম’হবন্ধা) বুলি জানিব পৰা গৈছে। পবিত্ৰ দাস আৰু প্ৰশান্ত দাস দিগম্বৰ চুকত থাকে যদিও দুয়োৰে ঘৰ গোলাঘাটত বুলি আৰক্ষীয়ে জানিবলৈ দিছে।