February 1, 2023, 2:30 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি APDCLৰ লোকচানৰ বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া কাৰ্য মানি লোৱা নহ’বঃ আপ টুকটুকী ছায়া স্মৃতি এম ই মাদ্ৰাছাৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীক বিদায় সম্বৰ্ধনা মুখ্যমন্ত্ৰীয়ে নাই বুলি কোৱাৰ পাছতো বিজেপিৰ বিধায়ক ৰমাকান্তৰ মতে বাঘ হাজৰিকা আছিল অৰবিন্দ কেজৰিৱালক হত্যাৰ ভাবুকিঃ মাজনিশা আৰক্ষীলৈ আহিল ফোনকল বেবেজীয়াত প্ৰাকৃতিক পৰিবেশত ‘ৰ’দঘাই বেবেজীয়া’ৰ নাট মহোৎসৱৰ সফল সামৰণি আদানি-কাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ৰাজহুৱা খণ্ডৰ বেংক-বিত্তীয় প্ৰতিষ্ঠানত বিনিয়োগ কৰা অসমৰ লোকৰ ধন কিমান নিৰাপদ? বিবিচিৰ ডকুমেণ্টৰী নিষিদ্ধ সন্দৰ্ভত ৬ ফেব্ৰুৱাৰীত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰৱৰ্তন নকৰিলে ৫০ বছৰৰ পিছত সুৰক্ষিত নাথাকিব ৰাম মন্দিৰ আদানিক চেলেঞ্জঃ তথ্যসহকাৰে নাকচ কৰক হিণ্ডেনবাৰ্গৰ অভিযোগ ‘পাঠান’ অপসংস্কৃতি, অপসংস্কৃতিক প্ৰাধান্য দিয়া সকলে ‘পাঠান’ চাইছেঃ ভৱেশ কলিতা

টীয়কৰ বামুণপুখুৰী চৰাইমুৰীয়া তুলসীজান পথৰ দুৰৱস্থাই জ্বলাকলা খুৱাইছে ৰাইজক

Reporter Name
  • Update Time : Sunday, September 20, 2020
  • 119 Time View

টীয়কঃ যোৰহাট জিলাৰ টীয়ক সমষ্টিৰ ৪নং বামুণ পুখুৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ৩৭নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা চৰাইমৰীয়া-বামুনপুখুৰী তুলসী জান সংযোগী পথটোৰ দুৰৱস্থাই এতিয়া জ্বলাকলা খুৱাইছে অঞ্চলবাসীক। যোৱা ২০১৯ চনৰ ২২ জানুৱাৰীত টীয়ক সমষ্টিৰ বিধায়িকা ৰেনুপমা ৰাজখোৱাই ঢাক-ঢোল বজাই এই পথটোৰ আধাৰশিলা স্থাপন কৰিছিল।

গড়কাপ্তানী বিভাগৰ যোৰহাট গ্ৰাম্য পথ সংমণ্ডলৰ দ্বাৰা এছ অ পি ডি(জি) আঁচনিৰ অধীনত নিৰ্মাণ কৰিব লগা পথটোৰ আধাৰশিলা স্থাপনতে যেন দায়িত্ব সামৰিলে বিধায়িকা ৰেনুপমা ৰাজখোৱাই। বিধায়িকা গৰাকীৰ অমনোযোগিতা আৰু সংশ্লিষ্ট বিভাগৰ বিষয়া কৰ্মচাৰীৰ লগতে ঠিকাদাৰৰ অকৰ্মণ্যতাৰ বাবে আজি ১৯-২০ মাহেও পথটো নিৰ্মাণৰ কাম আগ নাবাঢ়িল।

আধাৰশিলা স্থাপনৰ পাছতে কেইগাড়ীমান মাটি আৰু শিলগুটি পেলায়েই দ্বায়িত্ব সামৰিলে ঠিকাদাৰে। যাৰ ফলত আধাৰুৱা হৈ ৰ’ল পথ নিৰ্মাণৰ কাম। এতিয়া এজাক বৰষুণতে পথটো ঠায়ে ঠায়ে একাঁঠু দ গাঁত, বোকাময় হৈ গো-বাটলৈ ৰূপান্তৰ ঘটিছে। যান বাহনৰ চলাচলটো বাদেই, খোজকাঢ়িও যাতায়ত কৰিব নোৱাৰা হৈ পৰিছে পথটো। সেয়ে আগন্তুক বিধান সভা নিৰ্বাচনৰ পূৰ্বেই পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ নহ’লে বিধায়িকা গৰাকীক ইয়াৰ প্ৰত্যুত্তৰ বেলটৰ যোগেদি দিব বুলি হুংকাৰ দিছে অঞ্চলবাসীয়ে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে