টীয়কঃ এগৰাকী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষকক নিলম্বন কৰাত উত্তাল হৈ পৰিছে টীয়কৰ চাহ বাগিচা অধ্যুষিত অঞ্চল৷ যোৰহাট জিলাৰ টীয়কৰ চাহ বাগিচা অধ্যুষিত নামচেচুৰ জনতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকক নিলম্বন কৰাৰ ঘটনাৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ থকাৰ সময়তে আজি বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ টীয়ক উপ-সমিতিৰ উদ্যোগত বিদ্যালয়খনৰ ছাত্ৰ সমাজ, অভিভাৱক আৰু অঞ্চলৰ ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰি প্ৰধান শিক্ষকৰ নিলম্বন প্ৰত্যাহাৰ কৰাৰ দাবী জনায়৷
বিদ্যালয়খনৰ প্ৰধান শিক্ষক অমল বৰুৱা নামৰ শিক্ষকগৰাকীক ষড়যন্ত্ৰমূলক ভাৱে বিদ্যালয়ৰে আন এজন দত্ত উপাধিৰ শিক্ষকে নিজে প্ৰধান শিক্ষকৰ পদত অধিষ্ঠিত হ’বলৈ এনে দুষ্কাৰ্য সম্পাদন কৰিছে বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। শিক্ষক অমল বৰুৱাই বিদ্যালয়খনৰ প্ৰধান শিক্ষক হিচাপে দায়িত্ব লোৱাৰ পিছৰে পৰা বিদ্যালয়খনৰ ফলাফল উন্নত হোৱাৰ লগতে সামগ্ৰীকভাৱে আগবাঢ়িছে বুলি কৈ ৰাইজে শীঘ্ৰে নিলম্বন প্ৰত্যাহাৰ কৰাৰ দাবী জনাই বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে৷
কোনো ছাত্ৰ-ছাত্ৰী বিদ্যালয়লৈ নাহিলে অমল বৰুৱাই ঘৰলৈ গৈ খবৰ লোৱাৰ লগতে শিক্ষাদান কৰি ছাত্ৰ-ছাত্ৰীসকলক শিক্ষৰ প্ৰতি আগ্ৰহী কৰি তুলিছে বুলি কয় ৰাইজে। তাৰ বিপৰীতে দত্ত উপাধিৰ শিক্ষকগৰাকীয়ে বিদ্যালয়খন তথা ছাত্ৰ-ছাত্ৰীৰ উন্নতিৰ বাবে কোনোধৰণৰ কাৰ্যব্যৱস্থা পূৰ্বে বা এই পৰ্যন্ত লোৱা পৰিলক্ষিত হোৱা নাই বুলি অঞ্চলবাসীয়ে মন্তব্য কৰিছে। অনতি পলমে সমগ্ৰ বিষয়টোৰ উচিত তদন্ত বিচাৰি শিক্ষক অমল বৰুৱাক পুনৰ নিযুক্তি দিবলৈ শিক্ষা বিভাগক দাবী জনাই ৰাইজে৷