টীয়কঃ কালেশ্বৰ ওৰাঙৰ মৃত্যু কাণ্ডৰ প্ৰতিক্ৰিয়া আজিও অব্যাহত আছে টীয়কত৷ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাৰ পিছত চিকিৎসালয়ৰ পৰা কালেশ্বৰ ওৰাং নিৰুদ্দেশ হৈ ৮ দিনৰ মূৰকত মৃতদেহ যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মৰ্গত থকা বুলি পৰিয়ালৰ লোকক অৱগত কৰিছিল৷ বিভিন্ন দল-সংগঠনে এই অমানৱীয় ঘটনাৰ উচিত তদন্ত দাবী কৰি আহিছে৷
এই পৰ্যন্ত ঘটনাৰ তদন্ত নকৰাত আদিবাসী ছাত্ৰ সন্থাৰ টীয়ক, চেলেংহাট আৰু লাহদৈগড় আঞ্চলিক সমিতিয়ে ঘটনাৰ তদন্ত ক্ষিপ্ৰতৰ কৰিবলৈ দাবী জনাই টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। চাহ জনগোষ্ঠীৰ লোক হোৱাৰ বাবেই প্ৰশাসনে দুমাহ উকলি যোৱাৰ পিছতো বিষয়টোক গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ উত্থাপন কৰে৷ সমগ্ৰ অসমত আদিবাসীসকলৰ দাবীক প্ৰশাসনে গুৰুত্ব নিদিয়া বুলি কৈ এনে কাৰ্য সহ্য কৰা নহ’ব বুলি মন্তব্য কৰি এনেবোৰ ঘটনাৰ উচিত তদন্ত নহ’লে তীব্ৰ আন্দোলন গঢ় তোলাৰ হুংকাৰ প্ৰদান কৰে।
উল্লেখ্য যে, যোৰহাট চিকিৎসা মহাবিদ্যালয়ত আইছোলেশন ৱাৰ্ডত ৰখা এগৰাকী ৰোগীৰ মৃত্যুৰ ৮ দিন উকলি যোৱাৰ পিছতো মৃতদেহ মৰ্গত থৈ পৰিয়ালক খবৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছিল আদিবাসী ছাত্ৰ সন্থাই৷
কালেশ্বৰ ওৰাং নামৰ ৰোগাক্ৰান্ত লোকগৰাকী যোৱা ১০ জুনত চিকিৎসাৰ বাবে পৰিয়ালে লৈ আহিছিল যোৰহাট চিকিৎসা মহাবিদ্যালয়ত। সেইসময়ত ৰোগীজনৰ প্ৰচণ্ড জ্বৰ হৈ থকাত ভৰ্তি কৰে চিকিৎসা মহাবিদ্যালয়ত৷ তাৰ পিছৰে পৰা ৰোগীৰ কোনো খবৰ পোৱা নাছিল পৰিয়ালে৷ কিছু দিনৰ পিছত পৰিয়ালৰ তৎপৰতাত ৰোগীজন মৃতদেহ উদ্ধাৰ হয় চিকিৎসালৰ মৰ্গত৷ এই ঘটনাক লৈও আজিও সৰৱ আদিবাসী ছাত্ৰ সন্থা৷
১০ জুনত টীয়কৰ নামচেচু দীঘলী চাপৰি অঞ্চলৰ এজন ৰোগীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰা হৈছিল৷ তাৰ পিছতে চিকিৎসালয়ত ৰোগীজনৰ কোনো শুংসুত্ৰ নাছিল৷ ২৬ জুনত ৮ দিনৰ মূৰকত ৰোগীৰ মৃতদেহ জেএমচিএইচৰ মৰ্গত থকা বুলি পৰিয়ালৰ লোকক অৱগত কৰে৷ এই খবৰে ৰোগীৰ পৰিয়ালে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে চাঞ্চল্যৰ সৃষ্টি কৰিছিল৷
উল্লেখ্য যে, যোৱা ১০ জুনত ওৰাংক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাইছিল যদিও কোৱিড পৰীক্ষা নকৰাকৈ পৰিয়ালৰ লোকক ৰোগীক সাক্ষাৎ কৰিবলৈ দিয়া নাছিল। কিন্তু পৰবৰ্তী সময়ত চিকিৎসাধীন কালেশ্বৰ ওৰাঙৰ মৃতদেহ ১৮ জুনত চিনামৰা অঞ্চলত উদ্ধাৰ হয়।
কিন্তু ৮ দিনৰ পূৰ্বেই মৃত্যু হোৱা ৰোগীজনৰ পৰিয়ালক কিয় এই কথা অৱগত কৰা হোৱা নাছিল তাকেই লৈ ৰহস্যৰ সৃষ্টি হৈছিল৷ চাহ জনগোষ্ঠীৰ লোক হোৱা বাবেই চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষই পৰিয়ালটোক এনে আচৰণ কৰাৰ অভিযোগ উত্থাপন কৰিছিল পৰিয়ালটোৱে।
অৱশ্যে চিকিৎসালয়ৰ এক সূত্ৰই জনোৱা মতে আইচুলেচন কক্ষৰ পৰা চিকিৎসাধীন অৱস্থাত পলায়ন কৰিছিল ৰোগীজনে। যোৰহাটৰ চিনামৰা অঞ্চলত ৰোগীগৰাকীক কোনো লোকে উদ্ধাৰ কৰি পুনৰ জেএমচিএইচত ভৰ্তি কৰাইছিল যদিও ৰোগীজনৰ পৰিয়ালৰ লোকৰ কোনো যোগাযোগ কৰিব পৰা নাছিল। কিন্তু ১৮ জুনত ৰোগীগৰাকীৰ মৃত্যু হোৱাত কোনো অভিভাৱক নথকাত তেওঁক মৰ্গত ৰখা হৈছিল। কিন্তু ওৰাঙৰ পৰিয়ালে মৃতদেহ মৰ্গত থকাৰ কথা জানিব পাৰি কৰ্তৃপক্ষৰে যোগাযোগ কৰি মৃতদেহ চমজি লয়।