টীয়কঃ যোৱা ১০ জুনত টীয়কৰ নামচেচু দীঘলী চাপৰি অঞ্চলৰ কালেশ্বৰ ওৰাং নামৰ এজন ৰোগীক যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰাৰ পাছত চিকিৎসালয়ত ৰোগীজনৰ মৃত্যু হোৱাৰ পাছতো পৰিয়ালৰ লোকক অৱগত নকৰা আৰু মৃত্যুৰ আঠ দিনৰ পাছত ব্যক্তিজনৰ মৃতদেহ জে এম চি এইচৰ মৰ্গত থকা বুলি পৰিয়ালৰ লোকক অৱগত কৰাত তীব্ৰ ক্ষোভ ব্যক্ত কৰিছিল পৰিয়ালৰ লোকৰ লগতে বিভিন্ন দল সংগঠনে।
এই ঘটনাৰ উচিত তদন্ত বিচাৰি জিলা প্ৰশাসনক আহ্বান জনাইছিল যদিও এই পৰ্যন্ত কোনো সুফল নোপোৱাত আজি আদিবাসী ছাত্ৰ সন্থাৰ টীয়ক, চেলেংহাট আৰু লাহদৈগড় আঞ্চলিক সমিতিয়ে উক্ত ঘটনাটোৰ তদন্ত ক্ষীপ্ৰতৰ কৰিবলৈ টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সমুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
চাহ জনগোষ্ঠীৰ লোক হোৱাৰ বাবেই প্ৰশাসনে আজি দুমাহ উকলি যোৱাৰ পাছতো বিষয়টোত গুৰুত্ব প্ৰদান কৰা নাই বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে। লগতে সমগ্ৰ অসমতে আদিবিসীসকলৰ ওপৰত প্ৰশাসনে বা ৰাজনৈতিকভাৱে প্ৰয়োগ কৰা হেঁচা কোনো কাৰণতে সহ্য কৰা নহ’ব বুলি মন্তব্য কৰি এনেবোৰ ঘটনাৰ উচিত তদন্ত নহ’লে তীব্ৰ আন্দোলন গঢ় দিয়াৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীয়ে।