টীয়কঃ যোৰহাট জিলাৰ টীয়কৰ চিপাহীখোলা ব্লকৰ কনফাৰেন্স কক্ষত আজি সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতি, সন্মিলিত নাৰী অধিকাৰ সংগ্ৰাম সমিতি, মাইক্ৰ ফাইনেন্স শোষণ বিৰোধী সংগ্ৰামী মঞ্চৰ উদ্যোগত মাইক্ৰ ফাইনন্স সন্দৰ্ভত এখন গণ অভিৱৰ্তন অনুষ্ঠিত হয়। মাইক্ৰ ফাইনেন্সে দৰিদ্ৰ পৰিয়ালসমূহক আৰ্থিক সমস্যা সমাধান কৰিছে নে শোষণ কৰি বিপথে পৰিচালনা কৰিছে বুলি প্ৰশ্ন উত্থাপন হয়৷
দৰিদ্ৰ পৰিয়ালসমূহৰ বাবে আশীৰ্বাদ নহয় অভিশাপ হৈ পৰিছে বুলি কয় কেইবাজনা বক্তাই৷ এই সন্দৰ্ভত আলোচনা কৰি ৰাইজৰ মাজত ঋণ সম্পৰ্কে সজাগতা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰে উদ্যোক্তাসকলে। অভিৱৰ্তনত বীৰ লাচিত সেনাৰ যোৰহাট জিলাৰ সাংগঠনিক সম্পাদক সিদ্ধাৰ্থ বৰুৱা উপস্থিত থাকি দেশৰ এই দুৰ্যোগৰ সময়ত মাইক্ৰ ফাইনেন্সৰ এই দুঃচক্ৰৰ পৰা হাত সাৰিবলৈ তথা অসমৰ পৰা পুলিয়ে পোশাই মাইক্ৰ ফাইনেন্স কোম্পানীসমূহক উভালি পেলাবলৈ আহ্বান জনাইছে অসম চৰকাৰক৷ অন্যথা ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিক আন্দোলন গঢ় দিয়াৰ হুংকাৰ প্ৰদান কৰিছে।