টীয়কঃ নেৰানেপেৰা বৰষুণৰ ফলত টীয়কৰ পুঠীনৈৰ পানী বাঢ়ি অহাৰ ফলত টীয়ক ৰাজহ চক্ৰৰ অন্তৰ্গত প্ৰায় কুৰিখনৰো অধিক ৰাজহ গাঁও পানী ডুব যায়। পুঠীনৈৰ দুয়োকাষৰ মথাউৰি বিগত সময়ত মেৰামতি কৰা হৈছিল যদিও মেৰামতিৰ বাবে অহা ধনৰাশিৰ পৰিমাণ কম হোৱাৰ বাবে অধিক টনকীয়াল ভাৱে মথাউৰি মেৰামতি কৰিব নোৱাৰৰ ফলতে বছৰৰ প্ৰথম বানত গাঁও সমূহত পানী প্ৰৱেশ কৰি তাণ্ডৰ সৃষ্টি কৰে৷
মথাউৰিৰ কেইবাটাও অংশ ছিঙি যোৱাৰ ফলত খেতিপথাৰ অনিষ্ট হোৱাৰ লগতে শ-শ পৰিয়ালৰ ঘৰৰ ভিতৰত পানী সোমাই থাকিবলৈ ঠাই নোহোৱা হৈ পৰে। হঠাতে পানী প্ৰৱেশ কৰাত খাদ্য বস্তুকে ধৰি খোৱাপানীৰ অভাৱত যথেষ্ট অসুবিধাৰ সন্মুখীন হয় বুলি জানিব পৰা গৈছে। অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ পীড়াকটা আঞ্চলিক সমিতিয়ে মথাউৰি দুৰ্বল কৈ নিৰ্মাণ কাৰৰ ফলতে প্ৰথমটো বানতে সকলো উটুৱাই নিয়া বুলি অভিযোগ উত্থাপন কৰিছে৷ ক’ৰোনা মহামাৰীৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে বানৰ তাণ্ডৱে আতংকিত কৰিছে ৰাইজক৷