March 25, 2023, 4:09 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

টীয়কত ক্ষুদ্ৰ খেতিয়কে ৰাজপথত কুইণ্টলে কুইণ্টলে পেলাই দিলে কেঁচা চাহপাত

Reporter Name
  • Update Time : Saturday, July 11, 2020
  • 119 Time View

টীয়কঃ উজনি অসমৰ টীয়কত চাহ খেতিয়কে বিক্ৰীৰ অভাৱত ৰাজপথত পেলাই দিছে কেঁচা চাহপাত৷ শুকুৰবাৰে টীয়কৰ চটাই ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত কুইণ্টলে কুইণ্টালে কেঁচা চাহপাত পেলাই দি প্ৰতিবাদ সাব্যস্ত কৰে টীয়ক অঞ্চলৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে।

জানিব পৰা মতে, দীৰ্ঘদিন ধৰি যোৰহাট জিলাৰ কেইবাটাও চাহ ফেক্টৰীয়ে গেছ নোহোৱাৰ অভিযোগ উত্থাপন কৰি ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা কেঁচাপাত নিয়মীয়াকৈ ক্ৰয় কৰা নাই৷ ফলত ব্যাপক ক্ষতিৰ সন্মুখীন হৈ হাহাকাৰ কৰিবলগীয়া হয় খেতিয়কসকলে। লক-ডাউনৰ ফলত ইতিমধ্যে চাহ উদ্যোগ ক্ষতিৰ সন্মুখীন হোৱাত এতিয়া ফেক্টৰীসমূহে গেছ নথকাৰ অজুহাতত পাত ক্ৰয় নকৰাত অৰ্থনৈতিক বিপৰ্যয়ৰ সন্মুখীন হৈছে৷

উত্তৰ-পূব চাহ সন্থা চমুকৈ নেটাৰ উপাধ্যক্ষই বিগত তিনিটা দিনত গেছ যোগান বন্ধ হৈ থকাৰ বাবে এনে সমস্যাৰ উদ্ভৱ হৈছে বুলি কয়। অনতি পলমে গেছ যোগানৰ ব্যৱস্থা নিয়মীয়া কৰিবলৈ চৰকাৰ তথা গেছ কোম্পানীক আহ্বান জনাইছে। উল্লেখ্য যে ইতিপূৰ্বে ফেক্টৰী মালিকসকলে অসম গেছ কোম্পানীৰ সৈতে এই বিষয়ত যোগাযোগ কৰাত বাঘজানৰ ঘটনাৰ আলম লৈ গেছ যোগানত ব্যাহত জন্মা বুলি কয়। যোৰহাট আৰু গোলাঘাট জিলাৰ ফেক্টৰীসমূহ গেছৰ সমস্যাৰ বাবে বন্ধ হৈ থকাত পথ কেঁচাপাত পেলাই প্ৰতিবাদ সাব্যস্ত কৰে ক্ষুদ্ৰ খেতিয়কসকলে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে