টীয়কঃ যোৰহাট জিলাৰ টীয়কৰ বনাই চপানীত সোমবাৰে বিয়লি সংঘটিত হয় এক হৃদয় বিদাৰক ঘটনা। জানিব পৰা মতে, ঘৰত খেলি থকা অৱস্থাত বিতুল গগৈ নামৰ লোকজনৰ দুই কন্যা অংকিত গগৈ (৮) আৰু জানমণি গগৈ (৬) ওচৰৰে পুখুৰীত পৰি সলিল সমাধি ঘটে।
দুই কিশোৰী দিনৰ ১২ বজাৰে পৰা ঘৰত নথকাত মাতৃয়ে সমীপৰে মোমায়েকৰ ঘৰত আছে বুলি সন্দেহ কৰি বিচাৰ-খোচাৰ কৰা নাছিল। কিন্তু ওচৰৰ এজন যুৱকে ঘাঁহ কাটিবলৈ গৈ ওচৰৰ এটা পুখুৰীত কিবা বস্তু পৰি থকা প্ৰত্যক্ষ কৰি পিছত মৃতদেহ বুলি ঠিৰাং কৰি পাৰলৈ উঠাই অনাত অংকিতা গগৈ বুলি চিনাক্ত কৰে৷
সেই সময়ত সৰু কন্যা জানমণি ঘৰতে নথকাত একাংশ লোকে পানীত নামি বিচাৰ-খোচাৰ কৰাত সৰু কন্যাৰো মৃতদেহ একেটা পুখুৰীতে উদ্ধাৰ হয়। ইতিমধ্যে দুই কন্যাৰ মৃতদেহ আৰক্ষীয়ে টীয়ক FRUলৈ প্ৰেৰণ কৰিছে। ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাই৷