মুছলপুৰঃ টিহু আৰক্ষী থানাৰ অন্তৰ্গত ৩১নং ৰাষ্ট্ৰীয় ঘাই পথৰ বিভিন্ন স্থানৰ লগতে নাথকুছিত নিশা নামিলে চাৰিচকীয়া বাহনত অহা যুৱকে নিজকে সাংবাদিক বুলি পৰিচয় দি হিন্দী চিনেমাৰ কাইদাৰে ডকাইটি কাৰ্যত নামি পৰে। এশ গৰু খালে বাঘৰো মৰণ লেখিয়াকৈ মঙলবাৰে নিশা এএছ১৫ এম ৮০০৪ নম্বৰৰ এল্টো বাহনত অহা দুজনীয়া ভূৱা সাংবাদিকৰ দলটোৱে নাথকুছি চ’কত এখন পামচাৰ হোৱা মালবাহী ট্ৰাকক আগচি ধৰি দাবী ধমকিৰে ভিডিঅ’ কৰি নিজকে সাংবাদিক সজাই ভৃতি প্ৰদৰ্শন কৰে।
কিন্তু সেই সময়তে কৰ্তব্যৰত আৰক্ষী জোৱান আগবাঢ়ি অহাত ভূৱা সাংবাদিক দ্বয়ে আৰক্ষীকো ভিডিঅ’ কৰি দাবী ধমকি দিবলৈ চেষ্টা কৰে। সুৰামত্ত ভূৱা সাংবাদিক দ্বয় নিজৰ কাৰ্যসিদ্ধিত বিফল হয় যদিও আৰক্ষীয়ে কৰায়ত্ব কৰাৰ পূৰ্বে ঘটনাস্থলীৰ পৰা পলায়ন কৰে। এই ঘটনাৰ দৃশ্য আৰক্ষী জোৱান এজনে নিজৰ মোৱাইল ফোনত আৱদ্ধ কৰে। কিন্তু এই পৰ্যন্ত যুৱক দুজনৰ পৰিচয় জানিব পৰা হোৱা নাই যদিও টিহু আৰক্ষীয়ে যুৱক দুজনক কৰায়ত্ব কৰাৰ বাবে অভিযান আৰম্ভ কৰিছে৷