নলবাৰীঃ টিক-টিক কৰি প্ৰাণ গ’ল এগৰাকী যুৱতীৰ৷ এইবাৰ নলবাৰী জিলাৰ এগৰাকী যুৱতীয়ে ৰেলৰ আগত জপিয়াই আত্মঘাটি হৈছে৷ প্ৰেমৰ বাবেই আত্মঘাটিৰ হয় যুৱতীগৰাকী। জানিব পাৰ মতে, নলবাৰীৰ বৰকুৰিহাৰ ৰবীন কলিতাৰ কন্যা বন্দনা কলিতাই মঙলবাৰে টিক-টকত আত্মঘাটি কৰিম বুলি এটা ভিডিঅ’ পোষ্ট দিয়ে৷ তাৰ কিছু সময়ত পিছতে ৰেলৰ আগত জপিয়াই আত্মঘাটি হয়৷ বন্দনা কলিতাই উজনিমুৱা শ্ৰমিক এক্সপ্ৰেছৰ সন্মুখত জপিয়াই৷ বন্দনা কলিতাই টিক-টকত ‘দেউতা-মা তোমালোকক বহুত ভালপাঁও। ভাইটিক ভালকৈ পঢ়িবলৈ দিবি। মৰিব ভয় লাগে কিন্তু কি কৰিম বহুত ভাল পাইছিলো তাক’ বুলি কৈ থৈ যায়৷