ডিজিটেল ডেস্কঃ ভাৰত আৰু আমেৰিকাত নিষেধাজ্ঞাৰ সন্মুখীন হোৱা টিক-টকৰ মুখ্য কাৰ্যবাহী বিষয়াই অৱশেষত পদত্যাগ কৰিলে৷ বৃহস্পতিবাৰে মুখ্য কাৰ্যবাহী বিষয়া কেভিন মেয়ৰে পদৰ পৰা পদত্যাগ কৰিছে৷ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ প্ৰশাসনে টিক-টক নিষিদ্ধ কৰাৰ নিৰ্দেশ জাৰি কৰাৰ লগতে ৯০ দিনৰ ভিতৰত সকলো কাৰ্য বন্ধ কৰিবলৈ কয়৷
এপ নিষিদ্ধ কৰাৰ ঘোষণাৰ পিছতে আমেৰিকাত মুখ্য কাৰ্যালয় থকা চীনা কোম্পানী টিক-টকৰ মুখ্য কাৰ্যবাহী কেভিন মেয়ৰে মুখ্য পদৰ পৰা পদত্যাগ কৰিছে৷ মেয়ৰে ৰাজনৈতিক পৰিবেশৰ দোহাই দি ৰাজনৈতিক পৰিবেশ সলনি হোৱা বুলি কয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে ৯০ দিনৰ ভিতৰত টিক-টকক আমেৰিকাৰ পৰা ব্যৱসায় এৰি আমেৰিকাত কোম্পানীটোক সম্পূৰ্ণ ৰূপে নিষিদ্ধ কৰাৰ কথা কৈ আহিছে৷ তাৰ পিছতে মেয়ৰে মুখ্য পদৰ পৰা পদত্যাগ কৰাত বিশেষ চৰ্চা লাভ কৰিছে৷