সোমবাৰে পশ্চিমবংগৰ বীৰভূম জিলাত কেইবাটাও পৰিয়ালৰ ঘৰ জ্বলাই কমেও ৭জন লোকক জীৱন্তে জ্বলাই হত্যা কৰাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি ১১গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। বীৰভূমৰ তৃণমূল কংগ্ৰেছৰ (টিএমচি) এজন নেতাক হত্যা কৰাৰ পিছতে এই ঘটনা সংঘটিত হয়। বীৰভূমৰ ৰামপুৰহাট চহৰৰ উপকণ্ঠস্থিত বগটুই গাঁৱত উত্তেজিত জনতাই সোমবাৰে নিশা ১০-১২টা ঘৰত অগ্নিসংযোগ কৰে৷ আজি পুৱা এটা ঘৰৰ পৰা ৭টা মৃতদেহ উদ্ধাৰ কৰা হয়। পশ্চিমবংগৰ ডিজিপি মনোজ মালৱীয়ই কয় যে এটা বিশেষ অনুসন্ধান দল (এছআইটি) গঠন কৰা হৈছে। সোমবাৰে অঞ্চলটোৰ বৰশাল গাঁৱৰ টিএমচিৰ পঞ্চায়তৰ উপ-প্ৰধান ভাদু শ্বেখৰ মৃতদেহ উদ্ধাৰ হয়। তদন্ত চলি থকাৰ সময়তে উত্তেজিত লোকে অগ্নিকাণ্ডৰ ঘটনা সংঘটিত কৰে। ঘটনা সন্দৰ্ভত পশ্চিমবংগৰ ডিজিপি মনোজ মালৱীয়ই আৰু কয় যে নিশা টিএমচি নেতা বাহাদুৰ শ্বেখৰ হত্যাৰ খবৰ পোৱাৰ এঘণ্টা পিছত ওচৰৰ ৭-৮ টা ঘৰত জুই লগোৱা হৈছিল। ঘটনা সন্দৰ্ভত ১১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। সংশ্লিষ্ট এছডিপিঅ’ আৰু ৰামপুৰহাটৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াসকলক পদৰ পৰা আঁতৰাই কৰা হৈছে। পুৱা এটা ঘৰৰ পৰা ৭ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। যদিও ঘটনাটো শাসকীয় দলৰ দুটা গোটৰ মাজত প্ৰতিদ্বন্দ্বিতাৰ পৰিণাম বুলি অভিযোগ কৰা হৈছিল৷ টিএমচিৰ সাধাৰণ সম্পাদক কুনাল ঘোষে টুইট কৰি কয় যে ঘটনাটোৰ ৰাজনীতিৰ সৈতে কোনো সম্পৰ্ক নাই। অগ্নিকাণ্ডৰ ঘটনাত স্থানীয় লোকৰ মৃত্যু দুখজনক। কিন্তু এই ঘটনাটোৰ কোনো ৰাজনৈতিক সম্পৰ্ক নাই। এইটো এটা স্থানীয় গাঁৱৰ বিবাদ। হত্যা কৰা পঞ্চায়তৰ উপ-মুৰব্বী জন এজন চৰ্চিত ব্যক্তি আছিল আৰু তেওঁৰ মৃত্যুত গাওঁবাসী উত্তেজিত হৈ হিংসাৰ আশ্ৰয় লয়৷ অগ্নিকাণ্ডৰ ঘটনাটো নিশা সংঘটিত হৈছিল কিন্তু আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিছিল বুলিও কয় কুনাল ঘোষে। বীৰভূম জিলাৰ এজন আৰক্ষী বিষয়াই কয় যে ভাদু শ্বেখৰ ভায়েক বাবৰ শ্বেখক এবছৰ আগতে একেখন গাঁৱতে গুলীয়াই হত্যা কৰা হৈছিল।