জনজাতিকৰণৰ দাবীত পুনৰ আন্দোলন কৰিবলৈ সাজু হৈছে তাই-আহোম জনগোষ্ঠী৷ এইবাৰ দিল্লীত আন্দোলন কৰিবলৈ সাজু হৈছে তাই-আহোম জনগোষ্ঠী৷ তাই-আহোম জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান, তাই আহোম স্বায়ত্ত শাসিত পৰিষদ গঠনৰ দাবীত তাই-আহোম যুৱ পৰিষদ চমুকৈ টাইপাই দিল্লীৰ যন্তৰ-মন্তৰত মঙলবাৰে তিনিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰিব। প্ৰায় ডেৰ শতাধিক টাইপাৰ কৰ্মীৰ ইতিমধ্যে ৰেলযোগে দিল্লী অভিমুখে যাত্ৰা কৰিছে৷ জনগোষ্ঠীয় সংগঠনটোৱে প্ৰায় তিনিটা দশক ধৰি আন্দোলন কৰি আহিছে যদিও বিভিন্ন ৰাজনৈতিক দলে প্ৰতিশ্ৰুতি প্ৰদান কৰি প্ৰতিশ্ৰুতি পালন কৰা নাই৷ ২০১৪, ২০১৯ৰ লোকসভা নিৰ্বাচন ২০১৬, ২০২১ৰ বিধানসভা নিৰ্বাচনত শাসকীয় দল বিজেপিয়ে তাই-আহোমসকলক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল যদিও প্ৰতিশ্ৰুতি পালন কৰা নাই৷