ঝাৰখণ্ড বিজেপিৰ বিধায়কসকলে আজি ৰাঁচীস্থিত বিধানসভা ভৱনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে৷ বিধানসভা ভৱনৰ বাহিৰত ৰাজ্যখনত খনি আৰু খনিজ লুণ্ঠনৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰিছে বিধায়কসকলে৷ মুখ্যমন্ত্ৰী হেমন্ত সোৰেনে নিজৰ নামত খনিৰ লীজ লাভ কৰাৰ অভিযোগ আনে। এয়া গণতান্ত্ৰিক পদৰ উলংঘন আৰু তৎক্ষণাৎ পদত্যাগ কৰা উচিত বুলি কয় বিজেপি বিধায়ক বিৰাঁচী নাৰায়ণে৷