ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বৰ সংবাদমাধ্যমত এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ চৰ্চা৷ আমেৰিকাৰ নিৰ্বাচনলৈ মাজত মাথো দুমাহ৷ দুমাহ বাকী থকা অৱস্থাত শাসকীয় ৰিপাব্লিকান আৰু বিৰোধী ডেমক্ৰেটিক দলৰ মাজত তীব্ৰ বাকযুদ্ধ আৰম্ভ হৈছে৷
ডেমক্ৰেটিক দলৰ ৰাষ্ট্ৰপতি পদৰ পাৰ্থী জ’ বিদেনে ব্যাপক হাৰত সমৰ্থন লাভ কৰি নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে এইবাৰ ৰিপাব্লিকান দলৰ প্ৰাৰ্থী তথা বৰ্তমানৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আক্ৰমণাত্মক হৈ পৰিছে৷ ডলাল্ড ট্ৰাম্পে এইবাৰ চীনৰ গইনা লৈ জ’ বিদেনক আক্ৰমণ কৰিছে৷ ট্ৰাম্পে কয় যে যদি জ’ বিদেন আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় তেন্তে আমেৰিকক চীনৰ ওচৰত বিক্ৰী কৰি দিব৷
এদিন পূৰ্বে ডেমক্ৰেটিল দলৰ সমাবেশত জ’ বিদেনে দলীয় মনোনয়ন স্বীকাৰ কৰিছিল৷ তাৰ কেইটামান ঘণ্টাৰ পিছতে ট্ৰাম্পে জ’ বিদেনক আক্ৰমণ কৰি কয় যে যদি ৩ নৱেম্বৰত জ’ বিদেন ৰাষ্ট্ৰপতি নিৰ্বাচীত হয় তেন্তে চীনৰ ওচৰত আমেৰিকাক বিক্ৰী কৰি দিব৷ সময় আহিছে ডেমক্ৰেটিক দলৰ খং আৰু হিংসাৰ ৰাজনীতি সমাপ্ত কৰাৰ৷
ট্ৰাম্পে আৰু কয় যে আমাৰ জীৱনৰ সকলোতকৈ উল্লেখযাগ্য নিৰ্বাচন সমাগত৷ এইদৰে কোনো দলে আমেৰিকাক নেতৃত্ব দিব নোৱাৰে যিসকলে আমেৰিকাক ভাগ ভাগ কৰাৰ কথা কয়৷ জ’ বিদেনৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি ট্ৰাম্পে কয় যে বিগত সমাবেশত বিদেনে নতুন আইন প্ৰনয়ন কৰাৰ কথা নকলে৷ ডেমক্ৰেটিক শাসন থকা চহৰত আইন-শৃংখলা পৰিস্থিত উভতাই অনাৰ কথা নকলে৷ সকলোতকৈ ডাঙৰ কথা কি জানে বিদেনে এবাৰো চীনৰ প্ৰসংগ উল্লেখ নকৰিলে৷