আজি চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা ৰাজ্যখনৰ বিশিষ্ট ব্যৱসায়ী জৰ্জ বৰদলৈৰ আত্মহত্যা কাণ্ডৰ সৈতে এগৰাকী ফাডাৰৰ নাম জড়িত হৈ পৰিছে৷ ডনবস্ক বিশ্ববিদ্যালয়ৰ ফাডাৰ ষ্টিফেন মাৰ্কেৰ নাম সাঙোৰ খাইছে আত্মহত্যা কাণ্ডত৷ ইতিমধ্যে ফাডাৰক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে৷ আজি সোণাপুৰৰ ঘৰত উদ্ধাৰ হৈছিল বিশিষ্ট ব্যৱসায়ী জৰ্জ বৰদলৈৰ মৃতদেহ৷
জৰ্জ বৰদলৈয়ে এখন চুইচাইড নোট লিখি আত্মহনন কৰিছিল৷ এই নোটত উল্লেখ আছিল ফাডাৰ ষ্টিফেন মাৰ্কেৰ নাম। ষ্টিফেন মাৰ্ক হৈছে ডনবস্ক বিশ্ববিদ্যালয়ৰ ফাডাৰ৷ ডনবস্ক বিশ্ববিদ্যালয়ৰ ফাডাৰক আত্মহত্যাৰ বাবে দায়ী কৰি জৰ্জ বৰদলৈয়ে চুইচাইড নোট লিখে। সোণাপুৰ আৰক্ষীয়ে আটক কৰিছে ফাডাৰক। সোণাপুৰৰ বিশিষ্ট ব্যৱসায়ী আছিল জৰ্জ বৰদলৈয়ে নোটত ভুৱা গোচৰ তৰি হাৰাশাস্তি কৰাৰ অভিযোগ কৰাৰ বাবে আত্মহত্যা কৰিবলৈ বাধ্য হোৱা বুলি কয়৷
অসমৰ প্ৰতিষ্ঠিত ব্যৱসায়ী জৰ্জ বৰদলৈৰ গুৱাহাটীৰ সমীপৱৰ্তী সোণাপুৰৰ বাসগৃহত আজি চিপ লৈ থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হয়৷ কৃষি আৰু থলুৱা প্ৰযুক্তিৰে পৰ্যটন উদ্যোগ গঢ়ি তোলা বৰদলৈয়ে নিজৰ বাসগৃহত আত্মহনন কৰে৷ সোণাপুৰৰ প্ৰথমখন ‘হাইৱে’ ঢাবাৰ প্ৰতিষ্ঠাতা জৰ্জ বৰদলৈ অসমৰ থলুৱা অটো মোবাইলছৰ ব্যৱসায়ী হিচাপেও পৰিচিত আছিল৷ বৰদলৈ তেজপুৰৰ আহি গুৱাহাটীত প্ৰতিষ্ঠিত হৈছিল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ সৈতে ব্যৱসায়ীক সম্বন্ধ গঢ়ি তুলিছিল৷