পঙ্কজ নাথঃ সাম্প্ৰতিক বান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত কামৰূপ জিলা প্ৰশাসনে নিয়ন্ত্ৰণ-আপদকালীন সেৱাৰ দুটা টেলিফোন নম্বৰ মুকলি কৰিছে। এই টেলিফোন নম্বৰ দুটা ক্ৰমে ০৩৬১-১০৭৭ আৰু ৯৬৭৮৪৭১০৭। ২৪x৭ (দিনে-নিশাই) সক্ৰিয় এই নম্বৰত যোগাযোগ কৰি জিলাখনৰ বানগ্ৰস্ত এলেকাৰ জনসাধাৰণে জিলা প্ৰশাসনৰ জৰুৰীকালীন সেৱা কক্ষৰ সৈতে যোগাযোগ কৰি বান পৰিস্থিতিৰ যিকোনো খবৰ তথা জৰুৰীকালীন পৰিস্থিতি সম্বন্ধে জিলা প্ৰশাসনক জনাব পাৰিব বুলি কামৰূপ জিলা প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে।