ডিজিটেল ডেস্কঃ ‘জয় শ্ৰী ৰাম’ বুলি নোকোৱাৰ বাবেই কলকাতাত এগৰাকী লোকৰ ঘৰত আক্ৰমণ কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ কলকাতাৰ দমদমৰ জিল এভিনিউত সংঘটিত হৈছে এই ঘটনা৷ অভিযোগ মতে, তৃণমূল কংগ্ৰেছৰ কৰ্মী শুভংকৰ তালুকদাৰক ‘জয় শ্ৰী ৰাম’ বুলি নোকোৱাৰ বাবেই বিজেপিৰ লোকে ঘৰত আক্ৰমণ কৰে৷
ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰাত গোচৰ ৰুজু হৈ যদিও এই পৰ্যন্ত কোনো লোক গ্ৰেপ্তাৰ হোৱা নাই৷ বিজেপিয়ে এই ঘটনাৰ সৈতে জড়িত নহয় বুলি কৈ অভিযোগ খণ্ডন কৰে৷ তৃণমূল কংগ্ৰেছৰ কৰ্মী শুভংকৰ তালুকদাৰ অভিযোগ উত্থাপন কৰা মতে, শনিবাৰে পুৱাই তেওঁ দোকানলৈ সামগ্ৰী নিবলৈ ওলাই আহিছিল৷
সেই সময়ত কেইবাগৰাকী অজ্ঞাত লোকে ঘেৰি লৈ ‘জয় শ্ৰী ৰাম’ কবলৈ দাবী-ধমকি দিয়ে৷ কিন্তু তৃণমূল কংগ্ৰেছৰ কৰ্মী শুভংকৰ তালুকদাৰে ‘জয় শ্ৰী ৰাম’ কবলৈ মান্তি নোহোৱাত সন্ধিয়া তেওঁৰ গৃহত একাংশ লোকে আক্ৰমণ কৰে৷ গৃহৰ সামগ্ৰী ভাঙি চুৰ-মাৰ কৰে৷ ইমানে নহয় শুভংকৰ তালুকদাৰৰ বৃদ্ধ পিতৃক আক্ৰমণ কৰে উদণ্ড দলটোৱে৷ তেনে সময়তে ওচৰ-চুবুৰীয়া আহি পোৱাত দলটোৱে পলায়ন কৰে৷ নিশাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰে তালুকদাৰে৷ আনহাতে বিজেপিয়ে তৃণমূলক উভতি ধৰি তৃণমূলৰ কৰ্মীৰ ঘৰত নানা অপকৰ্ম চলে বুলি কয়৷ সেই কাৰণে উক্ত এলেকাৰ লোকে প্ৰতিবাদ কৰা বুলি কয়৷