বোকাজানঃ যোৰহাট জিলাৰ তিতাবৰ মহকুমাৰ অসম-নগালেণ্ড সীমান্তত অৱস্থিত বালিজান গাভৰু আলিৰ ১৫ নং ব্লকৰ প্ৰাক্তন সেনা বিষয়া প্ৰয়াত হেম বৰাৰ একমাত্ৰ পুত্ৰ স্নাতক মহলাৰ ছাত্ৰ জয়ন্ত বৰাক উগ্ৰপন্থীৰ সন্ধানত যোৱা সেনাৰ লোকে নিৰ্যাতন চলাই নৃশংসভাৱে হত্যা কৰা ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিয়ে। আজি দিনৰ প্ৰায় দহ বজাত বকলীয়াঘাটস্থিত সংগঠনটোৰ আঞ্চলিক কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি ছাত্ৰ সংগঠনটোৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি-সম্পাদক ক্ৰমে জিতু ফুকন আৰু অপূৰ্ব দাসে উগ্ৰপন্থী বিচৰাৰ নামত এজন নিৰীহ যুৱকক নিশা শোৱা পাটিৰ পৰা উঠাই আনি নিৰ্যাতন চলাই হত্যা কৰা ঘটনাই ৰাজ্যখনৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱাটোকে প্ৰতীয়মান কৰে বুলি মন্তব্য কৰে।
জয়ন্ত বৰাৰ হত্যাৰ ঘটনাই নব্বৈৰ দশকৰ সেনা সন্ত্ৰাসৰ ভয়াৱহ দিনবোৰৰ স্মৃতি সজীৱ কৰি তোলা বুলি মত ব্যক্ত কৰি ৰাইজক সকলোধৰণৰ নিৰাপত্তা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ অহা চৰকাৰখনৰ আমোলত আজি গুপ্তহত্যা আৰু মুক্তহত্যা দুয়োটাই সুলভ হৈ পৰা বুলি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰে। আনহাতে, জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ তদন্ত যাতে ফাইলতে আৱদ্ধ নাথাকে তাৰ প্ৰতি আহ্বান জনাই উক্ত হত্যাকাণ্ডৰ সৈতে জড়িত সকলোকে উপযুক্ত তথা দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ দাবী জনায়। অসমত সম্প্ৰতি কাৰ্যকৰী হৈ থকা সামৰিক বাহিনীৰ বিশেষ সশস্ত্ৰ আইন বাতিল কৰাৰ বাবেও সংগঠনটোৱে দাবী জনায়।
আনহাতে, জিলাখনৰ বিভিন্ন প্ৰান্তত কাৰ্বি আংলং স্বায়ত্ত্ব শাসিত পৰিষদে স্থাপন কৰা প্ৰবেশ কৰ সংগ্ৰহ গেটসমূহত নিতৌ ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি সংগঠনটোৱে সংবাদমেলত প্ৰবেশ কৰ সংগ্ৰহ গেটসমূহত চৰকাৰে নিৰ্দ্দিষ্ট কৰি দিয়া পৰিমাণতকৈ কেইবাগুণে বেছি কৰ সংগ্ৰহ কৰি অহা বুলি সংগঠনটোৱে অভিযোগ উত্থাপন কৰে। পৰিষদৰ মুখ্য কাৰ্যবাহীগৰাকীয়ে এনে দুৰ্নীতিৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেও স্বায়ত্ব পৰিষদ কৰ্তৃপক্ষক কঠোৰ সমালোচনা কৰে। নীতি অনুসৰি প্ৰতিখন এনে টেক্সগেটতে চৰকাৰী কৰৰ পৰিমাণ মুকলিকৈ প্ৰদৰ্শন কৰিব লাগে যদিও একমাত্ৰ লুণ্ঠনৰ স্বাৰ্থতে এনে কৰা নহয় বুলি সংগঠনটোৱে অভিযোগ কৰে। আজিৰ সংবাদমেলত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বকলীয়াঘাট আঞ্চলিক সমিতিৰ উপ-সভাপতি মুকুন্দ বৰা আৰু সাধাৰণ সম্পাদক ঋতুৰাজ বৰুৱা উপস্থিত থাকে।