ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ জকাই আদৰ্শ চিকিৎসালয়ৰ জেষ্ঠ্য চিকিৎসক তথা মিলন নগৰ নিবাসী সৰবৰহী ব্যক্তি ডা০ অনিল তামুলীৰ কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটে। অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন অৱস্থাতে বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰে চিকিৎসক গৰাকীয়ে।
উল্লেখযোগ্য যে, ২০১৮ চনৰ অক্টোবৰ মাহত জকাই আদৰ্শ চিকিৎসালয়ত যোগদান কৰিছিল তামুলীয়ে। অঞ্চলটোত চিকিৎসক আৰু সৰবৰহী ব্যক্তিৰূপে সুনাম থকা অনিল তামুলী ১৫ দিন পূৰ্বে কোভিডত আক্ৰান্ত হৈ অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত্তি হৈছিল। চিকিৎসকগৰাকীৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে।