নিউজ ডেস্কঃ বিশিষ্ট কবি জ্ঞানপীঠ বটা বিজয়ী নীলমণি ফুকনৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে ৰাইজৰ দলে। এক শোকবাৰ্তাত দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কয় আজি অসমীয়া জাতিয়ে এজন অভিভাৱক হেৰুৱালে, যিজনে সততা আৰু নিষ্ঠাৰে কাব্য সাধনা কৰি যাওঁতে কেতিয়াও কাহানিও ক’তো থমকি ৰোৱা নাছিল। নিজস্ব স্বকীয় কাব্যধাৰাৰে মহিমামণ্ডিত কবি প্ৰয়াত নীলমণি ফুকন ডাঙৰীয়াৰ বিয়োগত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সভাপতি গগৈয়ে উল্লেখ কৰে যে কায়িকভাৱে ফুকন দেৱ আমাৰ মাজত নাথাকিলেও সময় আৰু ইতিহাসৰ বুকুত কবিগৰাকীৰ সৃষ্টিকৰ্ম প্ৰতিটো প্ৰজন্মৰ বাবে পাথেয় হৈ ৰ’ব।
অসমীয়া কবিতাত প্ৰতীকবাদ আৰু চিত্ৰকল্পবাদৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ পেলোৱা নীলমণি ফুকনৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি হৈ ৰ’ব৷ বিগত শতিকাৰ ৫০ দশকৰ পৰা জীৱনৰ সৰ্বস্ব কবিতা আৰু কলাৰ বাবেই তেখেতে উৎসৰ্গা কৰিছিল। মানৱ জীৱনবোধৰ কথাবোৰ তেখেতে অতি সচেতনতাৰে কবিতাত প্ৰকাশ কৰিছিল।
আজি ভূতনাথ শ্মশানত ৰাজ্যিক মৰ্যাদাৰে অনুষ্ঠিত প্ৰয়াত নীলমণি ফুকনৰ শেষকৃত্য অনুষ্ঠানত উপস্থিত থাকি ৰাইজৰ দলৰ সাধাৰণ সম্পাদক ৰাছেল হুছেইন, ধৈৰ্য্য কোঁৱৰ, চিন্ময় বড়া আৰু অতিৰিক্ত তথ্য আৰু প্ৰচাৰ সম্পাদক প্ৰণৱ ডেকাই দলৰ হৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।
ৰাইজৰ দলৰ তৰফৰ পৰা কবিগৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে তেখেতৰ পৰিয়ালবৰ্গ আৰু অজস্ৰ গুণমুগ্ধলৈ সমবেদনা জ্ঞাপন কৰে।