নিউজ ডেস্কঃ জ্ঞানপীঠ বঁটা বিজয়ী যশস্বী কবি নীলমণি ফুকনৰ বিয়োগত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোক প্ৰকাশ কৰে৷ অসাধাৰণ কাব্যশিল্পৰ জৰিয়তে বিশিষ্ট কবিগৰাকীয়ে অসমীয়া সাহিত্যৰ জগতলৈ আগবঢ়োৱা অনন্য অৱদানসমূহ সদায় চিৰস্মৰণীয় হৈ থাকিব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে সাহিত্য সৃষ্টিৰে অসমৰ সমাজ জীৱনক যিসকল মহাত্মাই ধন্য কৰি গৈছে তাৰে অন্যতম উজ্জ্বল নক্ষত্ৰ কাব্যঋষি নীলমণি ফুকন। জ্ঞানপীঠ বঁটাৰে বিভূষিত ফুকনদেৱে অসমীয়া কবিতা-ভাষা-সাহিত্যৰ বৰপেৰা চহকী কৰাৰ লগতে সৃষ্টিশীলতাৰ অনন্য পৰিভাষা জাতিটোলৈ আগবঢ়াই গ’ল। তেখেতৰ বিয়োগ অসম আৰু অসমীয়া জাতিসত্তাৰ বাবে কাহানিও পূৰণ কৰিব নোৱৰা ক্ষতি। তেখেতৰ স্বৰ্গগামী পুণ্যাত্মাৰ চিৰশান্তি কামনা কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।