March 27, 2023, 2:59 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

জীৱন বীমাৰ ধন পৰিয়ালক দিবলৈ নিজকে হত্যা কৰোৱালে ঋণগ্ৰস্ত ব্যৱসায়ীয়ে

Reporter Name
  • Update Time : Monday, June 15, 2020
  • 188 Time View

নতুন দিল্লীঃ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ চাঞ্চল্য মাৰ নৌযাওতেই দিল্লী আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা। এই সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে এজন নাবালকসহ ৪ জনকৈ লোকক গ্ৰেপ্তাৰ কৰে।

আৰক্ষীয়ে জনোৱা মতে কেবা লাখ টকাৰ ধাৰত পোত গৈ থকা দিল্লীৰ কড়কড়ডুমাৰ গৌৰৱ বাঞ্চাল নামৰ এজন ব্যৱসায়ী যোৱা ৯ জুনৰ পৰা সন্ধানহীন হৈ আছিল। ঘটনা সন্দৰ্ভত তেওঁৰ পত্নীয়ে ময়ূৰ বিহাৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰত পত্নীয়ে গৌৰৱৰ কাৰো সৈতে কোনো ব্যক্তিগত শত্ৰুতা নাছিল বুলিও উল্লেখ কৰিছিল।

ইয়াৰ এদিন পিছতে অৰ্থাৎ ১০ জুনৰ পুৱা প্ৰায় ৮.৩০ বজাত দিল্লীৰ সমীপৱৰ্তী ৰণহোলা নামৰ এখন ঠাইত এটি নিজৰাৰ পাৰত ব্যৱসায়ীজনৰ মৃতদেহ গছত ওলমি থকা অৱস্থাত উদ্ধাৰ হয়। ব্যৱসায়ীজনৰ দুয়োখন হাত পিছফালৰ পৰা বান্ধি থোৱা আছিল বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰিছে আৰক্ষীয়ে।

জানিব পৰা মতে, ব্যৱসায় সংক্ৰান্তত গৌৰৱে কিছুদিন পূৰ্বে ৬ লাখ টকাৰ ব্যক্তিগত ঋণ লৈছিল। কিন্তু লকডাউন তথা অন্যান্য কাৰণত তেওঁৰ ব্যৱসায়ত লোকচানৰ পৰিমাণ বাঢ়িছিল। ফলত ঋণ পৰিশোধ কৰাতো তেওঁৰ পক্ষে অসম্ভৱ হৈ পৰে। সন্ধানহীন হোৱাৰ কেইদিনমান পূৰ্বে তেওঁৰ ক্ৰেডিট কাৰ্ডৰ পৰা কোনো চাইবাৰ অপৰাধীয়ে ৩.৫০ লাখ টকা সৰকাই নিয়াৰ কথাও জানিব পৰা গৈছে।

পিছফালে হাত বান্ধি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে আৰক্ষীয়ে হত্যাকাণ্ডৰ আঁৰত কোনো জড়িত থাকিব পাৰে সেই লৈ অনুসন্ধান আৰম্ভ কৰে। অনুসন্ধান কৰোতে জানিব পাৰে যে সন্ধানহীন হোৱাৰ পূৰ্বে গৌৰৱে নিজৰ ফোনেৰে এজন নাবালকৰ সৈতে যোগাযোগ কৰিছিল। পিছত নাবালকজনক আটক কৰি সোধ-পোচ কৰাত ঘটনাৰ সবিশেষ জানিব পাৰি আৰক্ষীৰ লোকসকলো হতবাক হৈ পৰে।

আৰক্ষীৰ সোধ-পোচত জানিব পৰা মতে, গৌৰৱে নাবালকজনৰ জৰিয়তে এটা প্ৰফেশ্যনেল হত্যাকাৰীৰ দলক নিজকে হত্যা কৰাৰ বাবে ছুপাৰি দিছিল। এই অনুযায়ী তেওঁ নিজৰ গাড়ী ঘৰতে ৰাখি আন কোনো উপায়েৰে ৰণহোলাত উপস্থিত হয়। তাতেই নাবালক আৰু আন ৩ জনে তেওঁ কোৱাধৰণৰে হাত দুখন পিছফালৰ পৰা বান্ধি দিয়ে।

হাত দুখন বান্ধি দি চাৰিজন প্ৰফেশ্যনেল হত্যাকাৰীয়ে এইবাৰ গৌৰৱক ৰছীৰে ডিঙিত বান্ধি এডাল গছত ওলমাই দিয়ে। ধৃত লোককেইজনে জনোৱা মতে কিছুসময় তেনেকৈ থকাৰ পিছতে গৌৰৱৰ মৃত্যু হৈছিল। গৌৰৱৰ মৃত্যু নিশ্চিত কৰি তেওঁলোকে সেই ঠাইৰ পৰা প্ৰস্থান কৰিছিল বুলিও জানিবলৈ দিয়ে।

ধৃত আন এজন লোকে জনোৱা মতে, গৌৰৱ ধাৰৰ বোজাত পোত গৈ মানসিকভাৱে ভাগি পৰিছিল। সেয়ে নিজৰ নামত থকা বীমাৰ মোটা অংকৰ ধন যাতে পৰিয়ালৰ লোকে লাভ কৰিব পাৰে তাৰ বাবে এনেদৰে নিজেই নিজক হত্যা কৰিবলৈ তেওঁলোকক ছুপাৰি দিছিল বুলি জনাইছে।

বৱসায়ীজনৰ মৃত্যুৰ এই কাৰণ জানিব পাৰি আৰক্ষীয়ে সম্প্ৰতি কিমান টকাৰ বিনিময়ত সমগ্ৰ ঘটনা সংঘটিত হৈছিল আৰু মৃত গৌৰৱৰ কিমান টকাৰ বীমা আছিল সেয়া জানিবলৈ তদন্ত অব্যাহত ৰাখিছে। নাবালকজনৰ লগতে ঘটনা সন্দৰ্ভত এই পৰ্যন্ত গ্ৰেপ্তাৰ কৰা লোককেইজন হৈছে কুমাৰ যাদৱ, সুৰজ আৰু সুমিত কুমাৰ।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে