March 29, 2023, 8:37 am
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

জীৱন নাট সামৰি অচিন দেশলৈ যাত্ৰা ‘দধিচী’খ্যাত মঞ্চাভিনেতা জীৱেশ্বৰ ডেকাৰ, সাংস্কৃতিক মহলৰ শোক প্ৰকাশ

Reporter Name
  • Update Time : Monday, August 24, 2020
  • 155 Time View

গুৱাহাটী/নলবাৰীঃ নটসূৰ্য ফণী শৰ্মা বঁটা প্ৰাপক বিশিষ্ট মঞ্চাভিনেতা, শিল্পী জীৱেশ্বৰ ডেকা আৰু নাই। দেওবাৰে নিশা ১১ বাজি ৪০ মিনিটত হৃদৰোগত আক্ৰান্ত হৈ শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে।

শনিবাৰে নিশা নলবাৰী জিলাৰ বেলশৰৰ ডেকাপাৰাত থকা নিজ বাসগৃহত শিল্পীগৰাকী হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ অসুস্থ হৈ পৰে। ততাতৈয়াকৈ তেওঁক নলবাৰীৰ ‘সাৰথি হাস্পতাল’ত ভৰ্ত্তি কৰোৱা হয়। স্বাস্থ্যৰ অধিক অৱনতি ঘটাত চিকিৎসকে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

নিশাৰ ভাগত শিল্পীগৰাকীক পৰিয়ালবৰ্গই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ লৈ আনি আইচিইউত ভৰ্তি কৰোৱায়। কিন্তু আইচিইউতে অভিনেতাজনে শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৭৫ বছৰ ।

মহেন্দ্ৰ বৰঠাকুৰ ৰচিত দধিচী নাটত কৰা অভিনয়ৰে ‘দধিচী’ নামেৰ খ্যাত হৈ পৰা ভ্ৰাম্যমাণ থিয়েটাৰৰ দুৰ্দান্ত অভিনেতা জীৱেশ্বৰ ডেকাই মিলন মালা, বালিঘৰৰ আলহী, সাগৰৰ সাঁকো, মন বাগিচাৰ গাভৰু আদি একাধিক নাটকত প্ৰাণৱন্ত অভিনয়ৰে অনুৰাগীসকলৰ মাজত দ সাঁচ বহুৱাই থৈ গৈছে। থিয়েটাৰ ভাগ্যদেৱী, মকুন্দ থিয়েটাৰ, ৰূপৰাজ থিয়েটাৰ, আৱাহন থিয়েটাৰ, মনালিছা থিয়েটাৰ, জ্যোতিৰূপা থিয়েটাৰকে আদি কৰি একাধিক ভ্ৰাম্যমাণ নাট্যদলত কেবাটাও দশক ধৰি অভিনয় কৰি মঞ্চ কপাই ৰাখিছিল অভিনেতাগৰাকীয়ে।

সফল মঞ্চভিনেতা জীৱেশ্বৰ ডেকাই ‘নটসূৰ্য ফনী শৰ্মা বঁটা’ৰ মুনলাইট মিডিয়া বঁটা, এনাজৰী এৱাৰ্ডৰ লগতে বিগত বৰ্ষত থিয়েটাৰ ভাগ্যদেৱীয়ে আগবঢ়োৱা শৰৎ মজুমদাৰ সোঁৱৰণী বঁটাও লাভ কৰিছিল। তেওঁৰ বিয়োগক ভ্ৰাম্যমাণ নাট্যজগতৰ বাবে এক অপূৰণীয় ক্ষতি আখ্যা দি সাংস্কৃতিক মহলে গভীৰ শোক প্ৰকাশ কৰিছে।

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে