ধেমাজিঃ অৰুণাচল প্ৰদেশত জীয়াঢল নৈত যোৱা শনিবাৰে নিখোজ হোৱা দুজন যুৱকৰ এজনৰ মৃতদেহ দেওবাৰে বৰ্মনগাঁৱৰ ওচৰত নদীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে। মৃতদেহ উদ্ধাৰ হোৱা যুৱকজনক অৰিন্দম বৰুৱা(২৫) বুলি চিনাক্ত কৰা হৈছে।
জানিব পৰা মতে, ধেমাজি চহৰৰ ৫ জনকৈ যুৱকে শনিবাৰে অৰুণাচল প্ৰদেশৰ জীয়াঢলমুখলৈ গৈছিল। তাতেই অৰিন্দম আৰু তেওঁৰ বন্ধু ভূপেন্দ্ৰ নৰহ(২৪) পানীত পৰি নিখোজ হৈ পৰে।
যুৱক দুজনে জীয়াঢল নৈৰ উজনি অংশত সাঁতুৰি গভীৰ অংশত প্ৰৱেশ কৰাৰ লগে লগেই নৈখনৰ প্ৰবল সোঁতে দুয়োজনকে উটুৱাই লৈ যায়। এনডিআৰএফৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ নদীখনত উদ্ধাৰ অভিযান চলায় যদিও তেওঁলোকৰ প্ৰচেষ্টা ব্যৰ্থ হয়। অৱশেষত দেওবাৰে এজনৰ মৃতদেহ উদ্ধাৰ হয়।
ধেমাজিৰ ৰতনপুৰৰ স্থায়ী বাসিন্দা অৰিন্দমে বি টেক ডিগ্ৰী সমাপ্ত কৰাৰ পাছত দিল্লীত কৰ্তব্যৰত হৈ আছিল। কৰ’নাৰ পৰিপ্ৰেক্ষিতত কিছুদিন পূৰ্বে ঘৰলৈ আহিছিল অৰিন্দম। আনহাতে, ভূপেন্দ্ৰ নৰহ হৈছে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ ফাইনেল ছেমিষ্টাৰৰ ছাত্ৰ।