গুৱাহাটীঃ উত্তৰ-পূৰ্বাঞ্চলৰ আগশাৰীৰ হোটেল মেনেজমেণ্ট শিক্ষা প্ৰতিষ্ঠান ‘গেটৱে ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট(www.gatewayihm.com), চমুকৈ জি আই এইছ এম(GIHM), গুৱাহাটীৰ উদ্যোগত “Career Scope in Hotel Management and Catering Technology” শীৰ্ষক এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। এই কৰ্মশালাত অন্যান্য সকলো ধৰণৰ কেৰিয়াৰ সম্পৰ্কেও আলোচনা কৰা হ’ব। অহা ১৩ জুলাইত অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা জি আই এইছ এমৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁই। “হোটেল মেনেজমেণ্ট আৰু কেটাৰিং টেকন’লজী”ৰ পাঠ্যক্রম সম্পূর্ণ কৰাৰ পৰৱৰ্তী পয্যায়ত কেনেধৰণৰ সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰিব, উক্ত বিষয়ে এই কৰ্মশালাত বিতংকৈ আলোচনা আগবঢ়োৱাৰ লগতে অংশগ্রহণকাৰী ছাত্ৰ-ছাত্ৰীৰ সকলো ধৰণৰ কেৰিয়াৰ সম্পৰ্কীয় প্রশ্নৰ উত্তৰ দিব। কৰ্মশালাত অংশগ্রহণৰ বাবে আগ্রহী ছাত্র-ছাত্রী তথা অভিভাৱকসকলে ৯১২৭০৬১০০০, ৯১২৭০৬৪০০০ এই দুটা ফোন নম্বৰ অথবা ই-মেইল gihm.ghy@gmail.comত যোগাযোগ কৰিব পাৰিব বুলি শিক্ষা প্ৰতিষ্ঠানখনৰ কতৃপৰ্ক্ষই জনাইছে।