ডিজিটেল ডেস্কঃ গোৱালপাৰাত অঘটন। জিলা সত্ৰ ন্যায়াধীশৰ কৰ্মচাৰীৰ আত্মাহনন। উদ্ধাৰ চুইচাইড নোট । সন্দেহৰ আঙুলি ন্যায়াধীশ গৰাকীৰ বিৰুদ্ধে। জানিব পৰা মতে গোৱালপাৰা আদালতৰ জিলা সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞাৰ অস্থায়ী কৰ্মচাৰী লোহিত দাসে হঠাৎ যোৱা সোমবাৰৰ পৰা নিৰুদ্দেশ হৈছিল। তাৰ পিছৰ পৰাই লোহিতক বিভিন্ন স্থানত বিচাৰি ফুৰিছিল পৰিয়ালৰ লোকে। আনকি স্বামীক বিচাৰি ন্যায়াধীশ গৰাকীৰ বাসভৱনত উপস্থিত হয় লোহিতৰ পত্নী। কিন্তু ন্যায়াধীশ গৰাকীয়ে গেটৰ সন্মুখৰ পৰাই অপমান কৰি খেদি পঠিয়াই বুলি অভিযোগ উত্থাপন কৰে লোহিতৰ পত্নীয়ে ।।
ইপিনে আজি ব্ৰক্ষ্মপুত্ৰ নদীৰ পাৰত লোহিতৰ চাইকেলখন লগতে চুইচাইড নোট উদ্ধাৰ হয় ।।
চুইচাইড নোটত জিলা সত্ৰ ন্যায়াধীশ শৰ্মিলা ভূঞাৰ মানসিক নিৰ্যাতনৰ বাবে আত্মহত্যা কৰিবলৈ বাধ্য হোৱা বুলি অভিযোগ লিপিবদ্ধ কৰা আছে ।উল্লেখযোগ্য যে লোহিত এগৰাকী ঋণগ্ৰাস্থ লোক । ঋণ পৰিশোধ কৰিবৰ বাবে তেওঁ কামত বৰ্তি থকাটো খুবেই প্ৰয়োজন কিন্তু প্ৰতি মুহূৰ্ততে ন্যায়াধীশ গৰাকীয়ে কামৰ পৰা বাহিৰ কৰি দিয়াৰ ধমকী-ভাবুকি দিয়াৰ উপৰিও বহু ধৰণে মানসিক নিৰ্যাতন চলায়। ফলত মানসিক ভাবে ভাগি পৰে লোহিত। কামত ৰাখিবলৈ ন্যায়াধীশ গৰাকীক কাকুতি মিনতিও কৰিছিল বুলি জানিবলৈ দিয়ে লোহিতৰ পত্নীয়ে ।।
ইতিমধ্যে এচ ডি আৰ এফ বাহিনীয়ে লোহিত বিচাৰি উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে