March 27, 2023, 11:43 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

জাহ যাব ঘৰ-দুৱাৰ, দুৰ্ভগীয়া কাঠকটীয়াবাসীৰ অন্তৰৰ কথা শুনিবনে মন্ত্ৰী কেশৱ মহন্তই

Reporter Name
  • Update Time : Friday, July 3, 2020
  • 114 Time View

গোলাঘাটঃ ৰাজ্যত ক’ৰোনা মহামাৰীৰ আতংকৰ লগতে বান-গৰাখহনীয়াৰ সংহাৰী ৰূপ অব্যাহত আছে৷ ৰাজ্যৰ উজনি-নামনিৰ কেইবাখনো জিলা বান-খহনীয়াৰ কৱলত পৰাৰ সময়তে উজনি অসমৰ গোলাঘাট জিলাৰ কাঠকটীয়া অঞ্চল ব্যাপক খহনীয়াৰ কৱলত পৰিছে৷ প্ৰতি বছৰেই ধনশিৰি নৈৰ পানী বাঢ়ি অহাৰ পিছতে অঞ্চলটোৰ খেতি পথাৰ, ঘৰ-দুৱাৰ খহনীয়াৰ কৱলত পৰে৷ ৰাইজে বছৰৰ পিছত বছৰি ধৰি খহনীয়া ৰোধৰ বাবে জলসম্পদ মন্ত্ৰী-স্থানীয় বিধায়ক তথা প্ৰশাসনক দাবী জনাই আহিছে যদিও ৰাইজৰ দাবীক কেতিয়াও গুৰুত্ব নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে৷

এইবেলিও ধনশিৰিৰ বানে প্ৰবল ৰূপ ধাৰণ কৰাৰ পিছৰে পৰা এই অঞ্চলটোৰ কেইবা শ পৰিয়ালৰ নিদ্ৰাহৰণ হৈছে৷ এক অজান শোকত ভাগি পৰি চকুলো টুকিছে পৰিয়ালসমূহে৷ খেতিৰ মাটি ডৰা, দেহৰ ঘাম মাটিত পেলাই কষ্টৰে গঢ় দিয়া ঘৰখন কোন সময়ত নৈৰ বুকুত জাহ যাব তাৰ কোনো ঠিক নাই৷ এনেবোৰ কথা ভাবিয়েই এতিয়া ভাগি পৰিছে পৰিয়ালসমূহে৷ ইফালে বানাপানী আনহাতে খহনীয়াৰ গ্ৰাস৷ কি কৰিব? কলৈ যাব পৰিয়ালসমূহ৷

জলসম্পদ মন্ত্ৰীয়ে শুনিবনে এইসকলৰ পৰিয়ালৰ বিননি৷ নৈৰ সোঁতত জীৱনৰ সকলো খহি পৰিছে। বিঘাই বিঘাই কৃষি ভূমি নষ্ট হৈছে। খহনীয়াৰ বাবে বাৰে এঠাইৰ পৰা আন ঠাইলৈ স্থানান্তৰ কৰিব লগা হৈছে মৰমৰ ঘৰখন। বিগত কেইবা বছৰ ধৰি খহনীয়াৰ ফলত বিঘাই বিঘাই কৃষি ভূমি, ঘৰ-বাৰী নৈত জাহ যোৱাৰ পিছতো চৰকাৰে লোৱা নাই কোনো ব্যৱস্থা। শীঘ্ৰে জলসম্পদ বিভাগক খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই দুৰ্ভগীয়া কাঠকটীয়াবাসীয়ে৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে