March 30, 2023, 5:24 pm
শেহতীয়া খবৰ ▪️
শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ বকলীয়াঘাট আঞ্চলিক শাখাৰ ৬৫ সংখ্যক প্ৰতিনিধি সভা জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়ত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলন চিচুপানীত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিবেশন স্কুল অৱ ড্ৰামাৰ নিবেদন “দ্য চাইলেণ্ট কিলাৰ” মৰিয়নি বিহু সুৰক্ষা সমিতিৰ পঞ্চম দ্বিবাৰ্ষিক অধিবেশন আৰ্তজনৰ কাষত তিতাবৰ মহকুমা গ্ৰাম্য সাংবাদিক সংন্থা প্ৰধান মন্ত্ৰীৰ কৃষক সন্মান নিধি বিষয়ক সভা ৰাজধানী এক্সপ্ৰেছত জুই হোজাইৰ কপাহবাৰীত পথ দুৰ্ঘটনা বিটিচিত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন কোকৰাঝাৰত হাগ্ৰামা মহিলাৰীৰ ভোটদান মন্ত্ৰী চন্দন ব্ৰহ্মৰ ভোটদান এনথৰক্স ৰোগত আক্রান্ত হৈ জয়পুৰ বৰ্ষাৰণ্যত হাতীৰ মৃত্যু তিনিচুকীয়াৰ ঢলা ছৈখোৱাত ঐতিহাসিক “বাবু পূজা” বেবেজীয়াত এ এছ আই প্ৰহ্লাদ নাথে ক্ষমতাৰ অপ-প্ৰয়োগেৰে জনতাক হাৰাশাস্তি দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ ছিছোদিয়ালৈ চিবিআইৰ চমন সৰুপথাৰত নিৰ্মীয়মান কোটি টকীয়া মুকলি মঞ্চ পৰিদৰ্শন বিধায়ক বিশ্বজিৎ ফুকনৰ বাল্যবিবাহত পক্‌ছ’ লগোৱাক লৈ আদালতৰ ভৰ্ৎসনাঃ অভিযুক্তৰ বিৰুদ্ধে পক্‌ছ’ কিয় বুলি অসম আৰক্ষীক প্ৰশ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ২৩ ফেব্ৰুৱাৰীত পুনৰ জে’ললৈ যাব অখিল গগৈ! অখিল গগৈৰ বিৰুদ্ধে আকৌ চলিব গোচৰ, নিয়াৰ আদালতত চলিব গোচৰ আকৌ বজাৰত মূৰ তুলিছে আদানিয়ে, শ্বেয়াৰ মাৰ্কেট স্থিৰ ডাঙৰ চহৰত সৰু কথাতে মানুহক হত্যা, ৫৬ বছৰীয়া লোকক মৰিয়াই নৃশংস হত্যা গ্ৰাহকৰ মূৰত বাঢ়িল ঋণৰ বোজাঃ ৰিজাৰ্ভ বেংকৰ ৰেপোৰেট ৬.৫ শতাংশলৈ লৈ বৃদ্ধি AIUDFৰ বিধায়কৰ আশ্ৰাফুল হুছেইনৰ বিৰুদ্ধে যুৱতীক অপহৰণৰ অভিযোগ ৰাজ্যবাসীৰ বাবে ভাল খবৰ ,অসমৰ আকাশত ন বিমান সংযোগঃ উৰিব পৱন হংস

জালত পৰিল বন কৰা কিশোৰীক নিৰ্যাতন চলোৱা দস্যু চিকিত্সক সিদ্ধিপ্ৰসাদ দেউৰী

Reporter Name
  • Update Time : Thursday, September 3, 2020
  • 108 Time View

ডিব্ৰুগড়ঃ অৱশেষত জালত পৰিল কিশোৰক অকথ্য নিৰ্যাতন চলোৱাৰ অভিযুক্ত চিকিত্সক সিদ্ধিপ্ৰসাদ দেউৰী। ডিব্ৰুগড় জিলাৰ লাহোৱালত আত্মগোপন কৰি থকা অৱস্থাত চিকিত্সকজন গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী। ঘৰত বন কৰা কিশোৰীক নিৰ্যাতন চলাই পলাই আছিল দেউৰী। এতিয়াও পলাতক দেউৰীৰ পত্নী মিতালী কোঁৱৰ৷ মিতালী কোঁৱৰ মৰাণ কলেজৰ অধ্যক্ষ।

চিকিৎসক আৰু অধ্যক্ষৰ এনে কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল ৰাজ্যত৷ বৰ্বৰ আৰু পাশৱিক কাণ্ডই সভ্য সমাজক লজ্জানত কৰিছিল৷ অসমক কঁপাই গৈছিল ঘটনাই৷ উজনিৰ ডিব্ৰুগড় জিলাৰ পূব মিলন নগৰৰ চিকিৎসক ডা০ সিদ্ধিপ্ৰসাদ দেউৰীৰ বাসগৃহৰ পৰা শিশু কল্যাণ সমিতি আৰু চাইল্ড লাইনে ১২ বছৰীয়া কিশোৰক শৰীৰ ক’লা পৰি থকাৰ লগতে ছাল এৰি থকা অৱস্থাত উদ্ধাৰ কৰিছিল৷ অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল কিশোৰটোক৷ চিকিৎসকগৰাকীৰ বিৰুদ্ধে শিশু কল্যাণ সমিতিয়ে এজাহাৰ দাখিল কৰাত ডিব্ৰুগড় আৰক্ষীয়ে চিকিৎসকজনক গ্ৰেপ্তাৰৰ বাবে অভিযান আৰম্ভ কৰিছিল যদিও ঘৰ এৰি পলায়ন কৰিছিল।

নাবালক কিশোৰক চিকিৎসকজনে প্ৰায়ে শাৰীৰিক মানসিক-নিৰ্যাতন চলোৱাৰ লগতেতে উদ্ধাৰৰ দুদিন পূৰ্বে গৰম পানী ঢালি দিছিল কিশোৰৰ দেহত৷ ফলত নাবালক কিশোৰটোৰ গাৰ নোম-ছাল বখলা-বখলে এৰি গৈছিল৷ কিশোৰৰ গাৰ ছাল এৰি যোৱাৰ লগতে বুকুৰ অংশত কোমল কিশোৰটোৰ মঙহ ওলাই আহিছিল৷ কিশোৰৰ অৱস্থা সংকটজনক হোৱাত প্ৰশাসনে ডিব্ৰুগড়ৰ প্ৰেৰণা শিশু গৃহত ৰাখি চিকিৎসাৰ ব্যৱস্থা কৰিছে৷

২০১৯ চনৰ এপ্ৰিল মাহত যোৰহাটৰ এখন চাহ বাগিচাৰ পৰা চিকিৎসক জনে নিজ গৃহলৈ আনিছিল কিশোৰটোক৷ বনকৰা কিশোৰ হিচাপে ৰাখি অকথ্য নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈ আহিছিল৷ ইমানে নহয় কিশোৰক উদ্ধাৰ কৰিবলৈ যোৱা প্ৰশাসনৰ লোকক কিশোৰটোৰ উপাধি দেউৰী বুলি চিনাকী দিছিল৷ মিছা কথাৰ আশ্ৰয় লৈ চিকিৎসক দৈউৰীয়ে নিজক ৰক্ষা কৰিব খুজিছিল৷ পঢ়াই থকা বুলিও কৈছিল৷

🔹 বাতৰিটো ভাল পালে শ্বেয়াৰ কৰক

◼️ তলৰ বাতৰিসমূহো পঢ়িব পাৰে