চাঞ্চল্য সৃষ্টিকাৰী ছেৰফাংগুৰী গুলীচালনাৰ ঘটনাই ৭২ ঘণ্টা অতিক্ৰম কৰিলে যদিও অদ্যপি মূল অভিযুক্তক আৰক্ষী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আৰক্ষীয়ে ক্ষুদ্ৰ ব্যৱসায়ী সুনীল মণ্ডলক গুলীচালনা কৰাৰ মূল অভিযুক্তক চিনাক্তকৰণ কৰিবলৈ সক্ষম হৈছে আৰু দুৰ্ষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ জাল মেলিছে যদিও অদ্যপি মুল অভিযুক্ত পলাতক হৈ আছে।
ইপিনে ম্যানমাৰৰ পৰাই নিৰ্দেশনা দি থকা কেএলঅ’ৰ দুধৰ্ষ নেতা পাৰ্থ প্ৰতিম বৰ্মনৰ শেহতীয়া স্থিতিক লৈ আৰক্ষীও শংকিত হৈ পৰিছে। কেএলঅ’ৰ অতি দুৰ্ধৰ্ষ নেতা ৰূপে পৰিচিত পাৰ্থ প্ৰতীম বৰ্মন ওৰফে বাপ্পা ওৰফে পাভেল শেহতীয়াভাৱে অতি সক্ৰিয় হৈ পৰিছে। শেহতীয়াভাৱে কিছু কোঁচ-ৰাজবংশীৰ যুৱক কেএলঅ’লৈ ধাৱিত হৈছে আৰু তাৰ আঁৰত পাৰ্থ প্ৰতীম বৰ্মন ওৰফে বাপ্পা ওৰফে পাভেলৰ হাত আছে বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে। ২০০৮ চনতে কেএলঅ’ লৈ যোৱা পাভেল ইমানদিনৰ নিষ্ক্ৰিয়তাৰ পিছত হঠাতে কিয় সক্ৰিয় হৈ পৰিল তাৰ কাৰণ বিশ্লেষণো আৰম্ভ কৰিছে অসম আৰক্ষীয়ে। আনহাতে সম্পূৰ্ণ সুসজ্জিত হৈ পাভেলে প্ৰতিশোধ ল’ব পাৰে নেকি তাকো সাৱধানতাৰে পৰীক্ষা কৰিছে আৰক্ষীয়ে কিয়নো পাভেলৰ আছে এক বেদনাদায়ক অতীত, যি অতীতৰ বাবেই পাভেল কেএলঅ’ যোগদান কৰিছিল।
কেনেদৰে, কিয় পাভেলে যোগদান কৰিছিল কেএলঅ’ত?
২০০৮ চনৰ চৌতাৰাৰ ৰে’ল লাইনত হাত-ভৰি বন্ধা অতি মুমুৰ্ষ অৱস্থাত অৱস্থাত এগৰাকী যুৱক উদ্ধাৰ হৈছিল। সৌভাগ্যক্ৰমে ৰে’লে দুটুকুৰা কৰাৰ পূৰ্বেই যুৱকজনক স্থানীয় ৰাইজে উদ্ধাৰ কৰি আৰক্ষীক খবৰ দিছিল আৰু চিকিৎসা কৰাৰ অন্তত যুৱকজন সুস্থ্য হৈছিল। প্ৰকৃততে চৌতাৰাৰ মিলন নগৰৰ এগৰাকী বিশেষ সম্প্ৰদায়ৰ ঔষধৰ দোকানীয়ে কোঁচ-ৰাজবংশী সম্প্ৰদায়ৰ যুৱতীক বিবাহ কৰিবলৈ বিচাৰোতেই স্থানীয় ৰাইজে ধৰি বান্ধি উত্তম মাধ্যম দিছিল আৰু পৰিণতিত দূৰ্ভাগ্যজনকভাৱে যুৱকজন মৃত্যুমুখত পৰিছিল। ইয়াৰ পৰিণতিতে সেই সময়ত চৌতাৰাত উত্তেজনাই বিৰাজ কৰিছিল আৰু দুইপক্ষৰ এনে যুযুধান স্থিতিৰ বলি হৈছিল পাৰ্থ প্ৰতীম বৰ্মন। সেই সময়ত অতি নিৰ্জু প্ৰকৃতিৰ লৰা পাৰ্থ প্ৰতীম বৰ্মনক অকলে পাই একাংশ সংখ্যালঘূ লোকে খুব বেয়াকৈ প্ৰহাৰ কৰি ৰে’ল আলিত পেলাই থয়। জীৱনটো ঘূৰাই পোৱাৰ পিছতে আৰু কিছু সুস্থ হোৱাৰ পিছতে ২০০৮ চনতে পাৰ্থ প্ৰতীম বৰ্মন কেএলঅ’ত যোগদান কৰে আৰু আজি কেএলঅ’ৰ মজিয়াত পাৰ্থ প্ৰতীম বৰ্মনক বাপ্পা ওৰফে পাভেল বুলি জনা যায়। সম্প্ৰতি ম্যানমাৰত থকা পাৰ্থ প্ৰতীম বৰ্মন ওৰফে বাপ্পা ওৰফে পাভেলে হাতত অত্যাধুনিক উদ্যত মাৰাণাস্ত্ৰ লৈ কি সংকেত দিব বিচাৰিছে সেয়া বোধগম্য নহয় যদিও হঠাৎ পাভেলৰ আত্মপ্ৰকাশে প্ৰশাসনক চিন্তাত পেলাইছে৷
নিজ পূত্ৰক মূলসুঁতিলৈ ঘূৰি আহিবলৈ আহ্বান মাতৃৰ।
উচ্চতৰ মাধ্যমিক অনুত্তীৰ্ণ পাভেল কেএলঅ’ত যোগদানৰ পিছত পৰিয়ালত সৃষ্টি হৈছিল হাহাকাৰ। পিতৃ-মাতৃ, দুই-ভাতৃ, তিনি ভগ্নীৰে ভৰা সুখৰ সংসাৰত হঠাতে যেন কাল অমানিশা নামি আহিল। পাভেল গল যি গলেই আৰু কোনো খবৰ নাই। দিনবোৰ গৈ থাকিল কিন্তু পাভেলৰ কোনো খবৰ নাই। মাকে দুচিন্তাতে বেমাৰক আঁকোৱালি ললে। ভগ্নীৰ বিবাহ হ’ল। মাকে ভাৱিলে তেওঁৰ মৰমৰ পাৰ্থ হয়তো ইহজগতত নাই। কিন্তু হঠাতে পাৰ্থ লাইমলাইটলৈ অহাত আজি সংবাদ মাধ্যমৰ আগত পাৰ্থ প্ৰতীম বৰ্মনৰ মাতৃয়ে কান্দি কান্দি সংবাদমাধ্যমৰ আগত মূলসুঁতিলৈ ঘূৰি আহিবলৈ পাৰ্থক আহ্বান জনায়। ঘৰত কোনো নাই বোপা, আমি দুজনে থাকো, মোৰ হাৰ্টৰ বেমাৰ, সোনকালে ঘৰলৈ ঘূৰি আহা বুলি কাতৰ আহ্বান জনাইছে মাতৃয়ে। ইপিনে তেওঁৰ জীয়ৰী নবনীতা বৰ্মন ব’থ্ৰা আৰু জোঁৱাই বিকাশ ব’থ্ৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাত আশ্চৰ্য প্ৰকাশ কৰিছে। তেওঁৰ পুত্ৰ পাৰ্থ প্ৰতীম বৰ্মনৰ সতে কন্যা নবনীতা বৰ্মন ব’থ্ৰাৰ যোগাযোগ আছিল বুলি সাংবাদিকে উনুকিয়াই দিয়াত তেওঁ কয় যে পাৰ্থক মই মৰা বুলিয়ে ভাৱিছিলো। কোনো যোগাযোগ নাছিল। এতিয়াহে গম পালো ছোৱালীৰ সতে যোগাযোগ আছিল। সি বাচি আছে। এজন ভাতৃয়ে নিজ ভগ্নীৰ সতে যোগাযোগ ৰাখিব বিচাৰিবই, হয়তো ঘৰৰ খা-খবৰ লোৱাৰ বাবে। ইয়াত একো অস্বাভাৱিকতা একো নাই। কিন্তু আৰক্ষীয়ে মোৰ কন্যা-জোঁৱাইক তাৰ বাবেই গ্ৰেপ্তাৰ কৰিছে। অনুগ্ৰহ কৰি তেওঁলোকক এৰি দিয়ক, তেওঁলোকৰ একো দোষ নাই। পাৰ্থ তেনেকুৱা ল’ৰা নাছিল, চৌতাৰাত বিশেষ সম্প্ৰদায়ৰ ল’ৰাবোৰে মাৰাৰ পিছতে সি তেনেকুৱা হ’ল। সেই যে গল আৰু এতিয়া লৈ ঘুৰি নাহিল। পাৰ্থক মূলসুঁতিলৈ ঘূৰি আহি ঘৰৰ দায়িত্ব লবলৈ আহ্বান জনাইছে তেওঁৰ মাতৃয়ে।
ইপিনে কোকৰাঝাৰ জিলাৰ ছেৰফাংগুৰী নাৰাবাৰীৰ গুলীচালনাৰ ঘটনাক লৈ কোকৰাঝাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কেএলঅ’ পাভেলৰ ভগ্নী তথা মডেল নবনীতা বৰ্মন ব’থ্ৰা তেওঁৰ স্বামী বিকাশ ব’থ্ৰা, স্থানীয় যুৱক ক্ৰমে উত্তম ৰায়, মৃদুল ৰায়, কেএলঅ’ নীতু ৰায়ৰ ভাতৃ গৌৰ চন্দ্ৰ ৰায় আৰু প্ৰাক্তন কেএলঅ’ নিৰ্মল দাসক আজি আদালতত হাজিৰ কৰাৰ পিছত আদালতে দুদিনৰ বাবে আৰক্ষী জিন্মালৈ প্ৰেৰণ কৰে। আনহাতে কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক প্ৰতীক বিজয় থুবেই আৰক্ষীয়ে কোকৰাঝাৰৰ পৰা নতুনকৈ আৰু কোনো লৰা কেএলঅ’ত যোগদানৰ তথ্য নাই বুলি সদৰি কৰি সন্ত্ৰাসবাদ, অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি সদৰি কৰিছে।
অশ্ৰুসিক্ত নয়নেৰে নিজ মাতৃক ঘৰলৈ উভতি আহিবলৈ কাতৰ আহ্বান পুত্ৰ সন্তানৰ
দহ দিনে সন্ধান নাই বৰভাগ পাণ্ডুলাৰ বোৱাৰীসহ ৮ বছৰীয়া কন্যা সন্তানৰ
নলবাৰী জিলাৰ বৰভাগ অঞ্চলৰ পাণ্ডুলা গাঁওৰ বোৱাৰী জোনটি নমঃশূদ্ৰ বিগত দহ ধৰি সন্ধানহীন হৈ থকা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।স্বামীগৃহৰ পৰা যোৱা ২৯মেত দিনৰ ১১ বজাত আঠ বছৰীয়া কন্যা সন্তানৰ সৈতে আৰিকুচীৰ ভনীয়েকৰ ঘৰলৈ ফুৰিবলৈ যোৱা পাণ্ডুলা গাঁওৰ মিলনপুৰ চুবুৰী নিবাসী যুধিষ্ঠিৰ নমঃশূদ্ৰৰ বিবাহিতা পত্নী আজিলৈ উভতি নহাত দুঃচিন্তাত পৰিছে পৰিয়ালৰ লোক।দুই তিনিদিন মোবাইল সংযোগ বিছিন্ন হোৱাত সন্দেহ ওপজি স্বামীগৃহৰ পৰিয়াল লোকে বিভিন্ন ঠাইত বিচাৰি গৈছিল যদিও এই মুহূৰ্তলৈ কোনো সন্ধান ওলোৱা নাই নিৰুদ্দেশ হোৱা পত্নী আৰু কন্যাৰ।ইতিমধ্যে ঘটনা সংক্ৰান্তত কমাৰকুছি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও কোনো সুফল লাভ কৰা নাই।ইফালে নিজ মাতৃ আৰু ভগ্নীক বিচাৰি হাবাথুৰি খোৱা ১২ বছৰীয়া পুত্ৰই দিনে নিশাই চকুলো টুকি মাকক সুকলমে ঘৰলৈ উভতি আহিবলৈ কাতৰ আহ্বান জনাইছে। স্বামীগৃহৰ পৰিয়াল লোকে পৰকীয়া প্ৰেমৰ পৰিণতিত পলাই যোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা যুধিষ্ঠিৰ নমঃশূদ্ৰৰ দৰিদ্ৰ পৰিয়ালে আৰক্ষী প্ৰশাসনক ঘটনাৰ উচিত তদন্ত কৰিবলৈ অনুৰোধ জনাইছে।