জয়ন্ত মুদৈ, বেবেজীয়াঃ নগাঁৱৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিত অৱস্থিত প্ৰায় তিনিশ বছৰ পুৰণি ইতিহাস প্ৰসিদ্ধ সাৰ্ব্বজনীন গৰখীয়া থানত ১৯৯৩ চনৰ পৰা উদযাপন কৰি অহা দৌল উৎসৱভাগে এইবাৰ ২৯তম বৰ্ষত ভৰি দিলে। বিগত বৰ্ষবোৰৰ দৰেই এইবাৰো আয়োজিত দৌল উৎসৱটি ব্যাপক উৎসাহ-উদ্দীপনাৰ মাজেৰে আজিৰে পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে আৰম্ভ হৈছে৷ পুৱা অঞ্চলৰ যুৱক-যুৱতী আৰু ৰাইজৰ দ্বাৰা পৰিবেশ নিকাকৰণেৰে দৌল উৎসৱটিৰ আনুষ্ঠানিকভাবে শুভাৰম্ভ ঘটোৱাৰ পিছতে বৃক্ষৰোপন কাৰ্যসূচী ৰূপায়ণৰ লগতে ভক্তপ্ৰাণ ৰাইজৰ দান, বৰঙণি আৰু শৰাই সঁফুৰা গ্ৰহণৰ অন্তত এটি চিকিৎসা শিবিৰ অনুষ্ঠিত কৰা হয়৷ দুপৰীয়া মহাভাগৱত পাঠ অনুষ্ঠিত হয়৷ বিয়লি ধেনুৰাম নাথ, কামেশ্বৰ নাথ আৰু নন্দেশ্বৰ নাথৰ তত্ত্বাৱধানত দান পাত্ৰ সংগ্ৰহৰ পিছতে মহাভাগৱত পাঠৰ সামৰণি পেলোৱা হয়৷ সন্ধিয়া থানঘৰীয়া টংকেশ্বৰ নাথৰ দ্বাৰা সমূহীয়া বন্তি প্ৰজ্বলনৰ অন্তত সন্ধ্যা প্ৰসংগ আৰু মংগল ধ্বনি কাৰ্যসূচী সম্পন্ন কৰা হয়৷ কাইলৈ উৎসৱৰ দ্বিতীয় দিনা পুৱাৰ ভাগত মণিকূট আৰু দৌল মন্দিৰত বন্তি প্ৰজ্বলন, অঞ্চলৰ ২৯টা নামঘৰৰ পৰা জল কলছি লৈ গৰখীয়া থানলৈ যাত্ৰা, ধৰ্মধ্বজা উত্তোলন, স্মৃতি তৰ্পণ, গোঁসাই স্নান, স্থাপন আৰু ভকতক নিৰ্মালি প্ৰদান, আমন্ত্ৰিত নামতী দলৰ নাম পৰিৱেশন আদিৰ লগতে নিশা সম্বৰ্ধনা, সাহায্য আৰু শৈক্ষিক বঁটা প্ৰদান অনুষ্ঠানৰ আৰু মহিলাসকলৰ দ্বাৰা ভাওনা প্ৰদৰ্শন কৰা হ’ব বুলি উদযাপন সমিতিৰ সভাপতি শুকুৰাম বৰুৱা, উপ-সভাপতি ধেনুৰাম নাথ, গম্ভীৰ নাথ, খগেন নাথ আৰু সম্পাদক যোগী অনিল নাথে জানিবলৈ দিছে৷