জামুগুৰিহাটঃ জামুগুৰিহাটৰ ধলাইবিলত হৰিণাৰ মৃতদেহ উদ্ধাৰ হয়৷ জামুগুৰিহাটৰ ধলাইবিলৰ বগাবিলগাঁৱত মৃত হৰিণাটো স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি বন বিভাগৰ লগতে জামুগুৰি আৰক্ষীক খবৰ দিয়ে৷ ঘটনাস্থলীত আৰক্ষী আৰু বনবিভাগৰ লোক উপস্থিত হৈ হৰিণাৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে৷ বানৰ কৱলত পৰা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা হৰিণাটোক অসাধু লোকে বধ কৰিবলৈ চেষ্টা কৰাৰ ফলত মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে৷ কিয়নো হৰিণাটোৰ দেহত আঘাতৰ চিন পৰিলক্ষিত হৈছে৷