জামুগুৰিহাটঃ উত্তৰ পাৰৰ অন্যতম পুৰণি উচ্চ শিক্ষানুষ্ঠান তথা শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়, ১৯৬৩ চনত প্ৰতিষ্ঠা হোৱা ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালত শনিবাৰে দিনযোৰা কাৰ্য্যসুচীৰে অনুষ্ঠিত হয় প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন৷ মহাবিদ্যালয়ত অধ্যয়ন কৰি জীৱন-জীৱিকাৰ তাড়নাত বিভিন্ন ক্ষেত্ৰত নিয়োজিত হৈ আছে প্ৰাক্তন ছাত্র ছাত্ৰী সকল। মহাবিদ্যালয়খনত অধ্যয়ন কৰাৰ আপাহতে গঢ়ি উঠা বন্ধুত্ববোৰ সময়ে ধুলিসাৎ কৰি পেলাব খুজিলেও পুনৰ এই সন্মিলনে সকলোকে সেই দিনবোৰ মনত পেলাই দিলে৷ শনিবাৰে মহাবিদ্যালয়ৰ প্ৰাংগণত মহাবিদ্যালয়খনত জন্ম লগ্নৰে পৰা অধ্যয়ন কৰি যোৱা প্ৰাক্তন ছাত্র ছাত্ৰী সকলক লৈ আয়োজন কৰা ‘প্ৰাক্তন ছাত্ৰ ছাত্ৰী সন্মিলন’ত পুৱা ৯ বজাত প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ পঞ্জীয়নেৰে দিনযোৰাকৈ আয়োজন কৰা এই সন্মিলনত মুলসভা, মুকলি চ’ৰাকে ধৰি কেইবাটাও গাম্ভীৰ্যপূৰ্ণ কাৰ্যসূচী অনুষ্ঠিত হয়। সন্মিলনত প্ৰাক্তন ছাত্ৰ হিচাপে উপস্থিত থাকি বিহু গাই নাচি-বাগি স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ লগতে বেহাৰবাৰী আউট পষ্টৰ প্ৰযোজক মনোজ শইকীয়া,অভিনেতা দেৱানন্দ শইকীয়া প্ৰমুক্ষে কৰি বহুজনে।