শীঘ্ৰে মুকলি আকাশৰ তললৈ আহিব APSC কেলংকাৰীৰ প্ৰধান নায়ক ৰাকেশ পাল। কিয়নো ন্যায়ালয়ে অৱশেষত জামিন দিছে ৰাকেশ পালক। মহানগৰীৰ ভাঙাগড় আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰত আজি ন্যায়ালয়ে জামিন প্ৰদান কৰে৷ প্ৰৱৰ্তন সঞ্চালকে ৰুজু কৰা গোচৰত আজি জামিন লাভ কৰিছে ৰাকেশ পালে। বিগত ৫ বছৰে কাৰাগাৰত বন্দী ৰাকেশ পালে পূৰ্বে তিনিটা গোচৰত জামিন লাভ কৰিছে। অসম লোকসেৱা আয়োগৰ অধ্যক্ষ হৈ কালত বক্ৰ পথেৰে কমেও ১০০গৰাকী লোকে চাকৰি লাভ কৰিছিল৷ ইয়াৰে প্ৰায় ৬০গৰাকী এপিএছ-এচিএছক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে৷ যিসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে৷ এপিএছচিৰ বৃহৎ কেলংকাৰীত ৰাকেশ পালৰ আছিল প্ৰধান ভূমিকা।